Begin typing your search above and press return to search.

"উন্নয়নে মোৰ বিশ্বাস" : কুইন ওজা

উন্নয়নে মোৰ বিশ্বাস : কুইন ওজা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 10:10 AM GMT

লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুইন ওজায়ে নিজৰ সমষ্টিৰ হৈ নিৰ্বাচন খেলিবলৈ পোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে প্ৰকাশ কৰে যে গুৱাহাটী সমষ্টিটোত যথেষ্ট সমস্যা আছে আৰু তেও সমস্যা সমুহ সমাধানত অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে ।

কুইন ওজায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে গুৱাহাটীত যথেষ্ট সমস্যা আছে। গুৱাহাটীত পানীৰ সমস্যাৰ বাবে যথেষ্ট হাৰাশাস্তি ভূগিব লগা হৈছে গুৱাহাটীবাসীয়ে । যদি কুইন ওজা সাংসদ হিচাপে নিৰ্বাচিত হয় সমস্যা সমুহ সমাধান বাবে বিশেষজ্ঞৰ লগত আলোচনা কৰিব বুলিও প্ৰকাশ কৰে ।

লগতে লোকসভা নিৰ্বাচনৰ বাবে কুইন ওজা সম্পুৰ্ণ সাজু বুলি প্ৰকাশ কৰে । গুৱাহাটীতে কুইন ওজাৰ জন্ম আৰু ডাঙৰো গুৱাহাটীতে হৈছে, সেয়েহে গুৱাহাটী খন নিজৰ আৰু গুৱাহাটীৰ হৈ কাম কৰি যাব বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি