Begin typing your search above and press return to search.
এইখন খচৰাহে,চূড়ান্ত এনআৰচি নহয়,শংকাৰ কোনো কাৰন নাই : ৰাজনাথ সিং

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে আজি প্ৰকাশ পোৱা এনআৰচি খন খচৰাহে,চূড়ান্ত নহয়।বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব।লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।বাদ পৰা সকলে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। এনআৰচিৰ সেৱা কেন্দ্ৰসমূহত দাবী জনোৱাৰ সুবিধা থাকিব।
Next Story