Begin typing your search above and press return to search.

এখন এম্বুলেঞ্চ পথৰ সলনি পানীৰ ওপৰেদি গৈ ৰক্ষা কৰিলে দুজন লোকৰ জীৱন

এখন এম্বুলেঞ্চ পথৰ সলনি পানীৰ ওপৰেদি গৈ ৰক্ষা কৰিলে দুজন লোকৰ জীৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 6:24 AM GMT

দূৰৰ গাঁৱৰ ভিতৰুৱা অঞ্চলৰ গৰ্ভৱতী মহিলাক ভাল স্বাস্থ্যৰ সা-সুবিধাৰ উপলব্ধি কৰাবলৈ তথা ঘৰৰ পৰা চিকিৎসালয়লৈ আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ আনিবলৈ বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগা হয় । অধিকাংশ ভিতৰুৱা গাঁৱৰ এলেকাসমূহত সমূহত প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অভাৱ হোৱা হেতুকে গৰ্ভৱতী মহিলাই বহু বিপদৰ সন্মুখীন পৰিবলগা হয় ।

ডাক্তৰ,নাৰ্চক ভগৱান বুলি কোৱা হয় । কাৰন এগৰাকী ডাক্তৰে নিজৰ কথা নাভাবি এজন অচিনাকি ব্যক্তিৰ জীৱন বচাবলৈ সদায়ে সাজু হৈ থাকে আৰু এনে ধৰনৰ অনেক উদাহৰন আমি নেদেখা নাইবা নুশুনা ন'হয় । এজন মৃত ব্যক্তিকো কেতিয়াবা জীৱন দিবলৈ সক্ষম হোৱা ডাক্তৰ এজনক আমি ভগৱান বুলিয়েই কব পাৰো । কেতিয়াবা কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পৰে যে ৰোগীৰ ওচৰলৈ আত্মীয় সকলো যাবলৈও ভয় কৰে তেনে ক্ষেত্ৰত এগৰাকী নাৰ্চেই লোক জনৰ খুন তথা তেজ চাফা কৰে,ঘাহ সমূহত মলম লগাই বেণ্ডেজ মেৰিয়াই শুশ্ৰষা কৰে ।

কিন্তু আজিৰ সময়ত এনেধৰনৰ ভাবনাত্মক সম্বন্ধ সমূহ হেৰাই যাবলৈ আৰম্ভ কৰিছে । বৰ্তমান সময়ত ডাক্তৰ কেৱল ব্যৱসায়ী হৈ ৰৈ গৈছে । ডাক্তৰৰ বাবে চিকিৎসালয় কেৱল মাত্ৰ ব্যাপাৰ স্বৰূপ হৈ পৰিছে আৰু ৰোগী সকল হৈছে গ্ৰাহক । ডাক্তৰ আৰু হাস্পতাল বুলি ক'লে আজিকালি মানুহৰ মনত এখন দীঘল বিলত চিত্ৰহে প্ৰতিফলিত হয় ।

আজিকালি অতি কম সংখ্যক লোক তথা হাস্পতাল আৰু কৰ্মচাৰী আছে যিসকলে কোনো স্বাৰ্থ কথা নাভাৱি সম্পূৰ্ন ৰূপে নিজৰ মনৰে লোকৰ জীৱন বচাবলৈ আগবাঢ়ি আহে ।

কিন্তু আজিৰ কাহিনীভাগ এনে এগৰাকী নাৰ্চ আৰু এম্বুলেঞ্চ চালকৰ ,যিয়ে ৰাস্তাত আহা প্ৰতিটো কঠিন পৰিস্থিতৰ সন্মুখীন হৈ জীৱন ৰক্ষা কৰিলে এগৰাকী গৰ্ভৱতী মহিলাৰ ।

এওঁলোকৰ নাম হৈছে ক্ৰমে নাৰ্চ ৰোজা আৰু চালক অৰুন কুমাৰ । ৰোজা তামিলনাডুৰ মেট্টপালয়াম চৰকাৰী চিকিৎসালয়,কয়মবেটৰ তৎকালীন মেডিকেল টেক্টনিচিয়ান আৰু অৰুন তৎকালীন এম্বুলেঞ্চৰ চালক হিচাপে কৰ্মৰত । এই দুয়োগৰাকীয়ে দূৰৰ গ্ৰামীন অঞ্চলৰ যন্ত্ৰনাত চটফটাই থকা ৰোগী গৰাকীৰ কাষ পাবলৈ যাত্ৰা পথত থকা সকলোবোৰ বাধা নেওচি গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষা কৰে ।

আচলতে,ঘটনাটো হৈছিল ঠিক এনেধৰনৰ,কয়মবেটৰ গন্ধবায়ালৰ নিকটৱৰ্তী গাঁৱৰ শ্ৰীমুগাইৰ বাসিন্দা ননজপ্পনৰ গৰ্ভৱতী পত্নী কবিতাৰ পুৱা ৫বাজি ১৫মিনিটত "লেবৰ পেইন" হয় আৰু ননজপ্পনে লগে লগে চৰকাৰী ১০৮ ক ফোন কৰে । আৰু আমি সকলোৱা জানো যে পলম হোৱাত প্ৰসিদ্ধ এম্বুলেঞ্চ কেতিয়াও সময়ত উপস্থিত নহয়,কিন্তু এইবাৰ এনেকুৱা একো ন'হল । এম্বুলেঞ্চ খন যেতিয়া শ্ৰীমুগাইৰ ওচৰৰ গৈ পালে,দেখা পোৱা গ'ল যে বৰষুনৰ বাবে পথটি অশোচনীয় হৈ আছে আৰু এই পথৰে এম্বুলেঞ্চ লৈ যোৱাটো একেবাৰে অসম্ভৱ কথা । এম্বুলেঞ্চ খনক অলপ দূৰত ৰখাই ৰোজা আৰু অৰুনে এটা বেলেগ ৰাস্তাৰে যোৱা কথা ভাবিলে কিন্তু খোজকাঢ়ি যোৱাটোও অসম্ভৱ আছিল আৰু বহু সময়ৰো প্ৰয়োজন হ'ল হয় । কিন্তু ৰোজা আৰু অৰুনে হাৰ নামানিলে আৰু ঘূৰি অহাৰ সলনি যিকোনো উপায়ৰে ৰোগীৰ ওচৰলৈ গৈ পোৱাৰ সিদ্ধান্ত ললে ।

অৰুনে চেক পোষ্টৰ ওচৰৰ প্ৰায় আধা কিল'মিটাৰ নিলগত এম্বুলেঞ্চ খন ৰখালে । তাৰপিছত তেওঁলোকে এখন নাঁৱৰ সহায়ত পানী খিনি পাৰ হৈ আহিলে যদিও তাৰ পিছৰ ৰাস্তাও বহু খিনি বেয়া আছিল । দুয়োজনে কিছু সময়ৰ বাবে এজন অচিনাকী ভদ্ৰ ব্যক্তিৰ পৰা মটৰচাইকেল খন খুজিলে আৰু কবিতাৰ ঘৰলৈ বুলি ৰাওনা হ'ল । কিন্তু ৰোজা আৰু অৰুন কবিতাৰ ঘৰ পোৱালৈ ইতিমধ্যে কবিতাই এটি ল'ৰাক জন্ম দিছিল । ৰোজাই তৎক্ষনাত প্ৰাথমিক শুশ্ৰষা আৰম্ভ কৰিলে আৰু ৰোজাই শিশুটিৰ "অম্বলীকল কোড" অৰ্থাৎ নাভিৰ শিৰ কাটিলে । শিশুটিৰ হাত-ভৰি নীলা পৰিব ধৰিছিল এনে সময়ত শিশুটিক হাস্পতাল লৈ যোৱাটো অতি জৰুৰী আছিল ।আনহাতে কবিতাৰ বহু তেজ নিগৰিছিল আৰু শৰীৰ কমযোৰ হৈ পৰিছিল । যদি তেওঁলোকে অলপ সময় ৰখিলে হয় তেন্তে সংকটজনক হ'ল হয় সেয়ে তেওঁলোকে তৎক্ষনাত হাস্পতাললৈ লৈ গ'ল ।

বৰ্তমান মাক আৰু শিশু দুয়ো সুস্থ আছে । কিন্তু এতিয়াও শিশুটি অধিক চিকিৎসাৰ প্ৰয়োজন আছে সেয়ে শিশুটিক মেট্টপালায়াম চৰকাৰী হাস্পতালত ৰাখিছে আৰু গৰ্ভপাতৰ সময়ত কবিতাৰ বহু ৰক্তপাত হৈছিল সেয়ে কয়মবেট মেডিকেল ক'লেজ হাস্পতাললৈ প্ৰেৰন কৰা হৈছিল । যদি অৰুন আৰু ৰোজাই এই কঠিন পৰিস্থিতি পাৰ নকৰি কবিতাৰ ওচৰ নাপালে হয় তেন্তে কবিতা আৰু শিশু অৰ্থাৎ মাক আৰু শিশুক বচাবলৈ পৰা ন'গল হয় ।

Next Story
চাকৰি