এগজিট প'লৰ সমীক্ষায়ে চুৰান্ত নহয়, কিন্তু এগজিট প'লে বিজেপি জয় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে: নিতিন গাদকাৰী

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে এগজিট প'লৰ সন্দৰ্ভত প্ৰকাশ কৰে যে এগজিট প'লৰ সমীক্ষায়ে চুৰান্ত নহয় ,কিন্তু এগজিট প'লে লোকসভা নিৰ্বাচনত বিজেপি জয় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । বিজেপি পুনৰ ক্ষমতালৈ আহিব বুলি প্ৰকাশ কৰে।
এগজিট প' ল চুৰান্ত নহয় যদিও বিজেপি পুনৰ ক্ষমতালৈ অহাৰ ইংগিত বহন কৰিছে । কিন্তু এগজিট প'লত যি সমীক্ষা প্ৰকাশ কৰিছে সেয়া ২৩ মে ফলাফলতো প্ৰতিফলিত হব বুলি প্ৰকাশ কৰে নিতিন গাডকাৰীয়ে ।
অধিক সংখ্যক এগজিট প'লতে মোদী পুনৰ বাৰ ক্ষমতালৈ অহাৰ কথা প্ৰকাশ কৰাৰ লগতে কিছু সংখ্যকে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ খনে সমগ্ৰ দেশতে ৩০০ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰে। লগতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ কৰে।
"মই প্ৰায় ২০ ৰ পৰা ৫০ বাৰ স্পষ্টীকৰণ দিছো । আমি মোদীৰ নেতৃত্বত নিৰ্বাচনত অবতীৰ্ণ হৈছো আৰু মোদী নিশ্চিত ভাৱে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হব" বুলি প্ৰকাশ কৰে নিতিন গাডকাৰীয়ে ।
দেশৰ জনসাধাৰণে পুনৰ বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোৱা ৫ বছৰে দেশৰ উন্নয়নক সমৰ্থন আগবঢ়াইছে । এগজিট প'ল তাৰেই ইংগিত বুলি প্ৰকাশ কৰে গাদকাৰীয়ে।
মহাৰাষ্ট্ৰত বিজেপিয়ে ২০১৪ চনৰ সমানেই আসন লাভ কৰিব বুলি প্ৰকাশ কৰে। মুঠ ৪৮ লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ২৩ খন লাভ কৰিছিল ২০১৪ চনত ।
যোৱা মাহত নিৰ্বাচনী আয়োগ নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খন মুক্তি দিয়াত বাধা আৰোপ কৰে। এই ছবি খনে নিকা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি নিৰ্বাচনী আয়োগে এই ঘোষণা কৰিছিল । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ১ দিনৰ পাছত অৰ্থাৎ ২৪ মেত ছবি মুক্তি দিয়া হব ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি