ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা এছিয়ান গেমছত ভাৰতৰ হৈ চতুৰ্থটো স্বৰ্ণ জয় ৰাহি জীৱন সাৰ্ণবটৰ।খেলুৱৈ গৰাকীয়ে ২৫ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হয়। এছিয়ান গেমছত স্বৰ্ণপদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা শ্বুটাৰৰ গৌৰৱ অৰ্জন কৰিলে সাৰ্ণবটে। এছিয়ান গেমছত এইপৰ্য্যন্ত ভাৰতে চাৰিটা স্বৰ্ণ পদক, তিনিটা ৰূপৰ পদক আৰু চাৰিটা ব্ৰঞ্জৰ পদকেৰে ষষ্ঠ স্থান অধিকাৰ কৰিছে।প্ৰথম তিনিটা স্থান দখল কৰিছে ক্ৰমে চীন, জাপান আৰু কোৰিয়াই।
Begin typing your search above and press return to search.