Begin typing your search above and press return to search.
এনআৰচিৰ বাবে সজাগতা সভা অনুষ্ঠিত,হেল্পলাইন আৰম্ভ

ধুবুৰী জিলাত ধুবুৰী এনআৰচিৰ কৰ্তৃপক্ষৰ সহযোগত কালিবাৰী ত্ৰাষ্টি বৰ্ডে সমাজসেৱক প্ৰতিমা নেওগীৰ সভাপতিত্বত কালিবাৰীৰ চৌহদৰ প্ৰাংগনত এনআৰচিৰ বাবে এখন সজাগতা সভাৰ আয়োজন কৰে।শেহতীয়া ভাৱে প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি খনত যিসকলৰ নাম নাই সেই সকলৰ বাবে এই সভাৰ আয়োজন কৰা হৈছে।জনসাধৰনৰ কিছুলোকৰ নাম চূড়ান্ত এনআৰচিত উল্লেখ নথকাৰ বাবে কোনো ধৰনৰ ভয় কৰাৰ প্ৰয়োজন নাই বৰঞ্চ এক সুবিধা প্ৰদান কৰা হৈছে যাতে ভালকৈ চালি জাৰি চাই নাম নুঠা লোক সকলৰ নামৰ এনআৰচিত প্ৰকাশ পায়।যিসকলৰ নাম উঠা নাছিল সেই কাৰন সমূহ জানি ইতিমধ্যে এনআৰচিৰ প-পত্ৰ বিতৰন কৰা হৈছে,আৰু এই প-পত্ৰ সমূহ পূৰন কৰি ছেপ্তেম্বৰৰ ২৮তাৰিখৰ পূৰ্ৱেই জমা দিব লাগিব।এই কথা সদৰী কৰে এনআৰচিৰ মুখ্য বিষয়া জেএছ শৰ্মাই।
Next Story