মৰিগাঁও জিলাৰ এনআৰচিৰ সেৱা কেন্দ্ৰত তথ্য পৰীক্ষাৰ কামত বিদেশী নাগৰিক নিয়োজিত হৈ থকাৰ প্ৰমান পোহৰলৈ অহাত সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি হৈছে।প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইচলামক অতি সোনকালে বিদেশী ঘোষণা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰিগাঁও জিলাৰ বিদেশী ন্যায়াধীকৰনক নিৰ্দেশ দিছে।মৰিগাঁও জিলা প্ৰশাসনে খাইৰুলক এনআৰচি কামৰ পৰা অতি অব্যাহতি দিব যিহেতু বিদেশী ন্যায়াধীকৰনে ব্যক্তিজনক বিদেশী ঘোষণা কৰা কথা সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছে।এনেকুৱা ঘটনা মাত্ৰ অসমতহে সংঘটিত হয় যত বিদেশীয়ে বিধায়ক,সাংসদ হয়, চৰকাৰী চাকৰী লাভ কৰে আৰু বিদেশী চিনাক্তকৰনৰ দৰে প্ৰকিয়াৰ লগতো জড়িত হৈ পৰে।মৰিগাঁও জিলা প্ৰশাসনে খাইৰুল ইচলামে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বুলি ভাবিছিল কিন্তু ১৩ জুনত উচ্চ ন্যায়ালয়ে ব্যক্তি জনক বিদেশী বুলি ঘোষণা কৰিছিল।ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে খাইৰুলক বিদেশী ঘোষণা কৰা কথা জানিব পাৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে।মৰিগাঁও জিলাৰ আৰক্ষী অধিক্ষক স্বপনীল ডেকাই কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অনুস্থানিক ভাৱে নিৰ্দেশ লাভ কৰি খাইৰুল ইচলামক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছো
Begin typing your search above and press return to search.