উচ্চতম ন্যায়ালয়ত আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ আগবঢ়ালে গুৰুত্বপূৰ্ণ শুনানি। এনআৰচি ৰ চূড়ান্ত খচৰাৰ প্ৰকাশ পোৱাৰ পিছতে পুনৰ আবেদনৰ নথিৰ সন্দৰ্ভত এন আৰ চি ৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এক প্ৰতিবেদন। পূৰ্বৰ শুনানি অনুসৰি ১৫ খন নথিৰ কৰ্তনৰ সপক্ষে হাজেলাই দাখিল কৰিছিল এই প্ৰতিবেদন। প্ৰতিবেদনৰ শুনানি অনুসৰি ১০ খন নথিহে বৈধ হব এন আৰ চি ৰ পুনৰ আবেদন প্ৰক্ৰিয়াত। ১ নবেম্বৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ পুনৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হব। উল্লেখ্য যে এই।পৰ্যন্ত ২০ লাখ লোকে জমা কৰিছে পুনৰ আবেদনৰ প্ৰ-পত্ৰ।
এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অহা নাই তেওঁলোকে পুনৰ আৱেদন আৰু দাবী জনোৱাৰ সুযোগ লাভ কৰিব।যিসকলে সঠিক প্ৰমান পত্ৰ দিব পাৰিব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব।৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ১৯৮৫ বৰ্ষত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত অসম চুক্তিৰ আধাৰত এন আৰ চিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ২০০৫ বৰ্ষত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালৰ সময়ত এন আৰ চি উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।