Begin typing your search above and press return to search.

এনআৰচি সম্পৰ্কত বাংলাদেশৰ সৈতে সংস্পৰ্শত আছে ভাৰত

এনআৰচি সম্পৰ্কত বাংলাদেশৰ সৈতে সংস্পৰ্শত আছে ভাৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:39 AM GMT

এনআৰচি সম্পৰ্কত বাংলাদেশ চৰকাৰৰ সৈতে সংস্পৰ্শত থাকি সুসম্পৰ্ক বজাই ৰাখিছে ভাৰত চৰকাৰে,বাংলাদেশৰ মতে এনআৰচি হৈছে ভাৰতৰ ঘৰুৱা সমস্যা।ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিস কুমাৰে কয় যে আমি বাংলাদেশ চৰকাৰৰ লগত এনআৰচি সম্পৰ্কত একেবাৰে সংস্পৰ্শত আছো।এনআৰচিৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰে ধনাত্মক স্থিতি গ্ৰহন কৰিছে।কুমাৰে লগতে কয় আমি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰচিৰ কাম-কাজ কৰি থকাৰে পৰা বাংলাদেশ চৰকাৰৰ লগত সংস্পৰ্শত আছো।বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনিত হোৱা অসমৰ খিলঞ্জীয়া সকলৰ ৰক্ষা স্বৰূপ এনআৰচিত ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল।

Next Story
চাকৰি