এন আৰ চিৰ দাবী আৰু আপত্তিৰ আবেদন প্ৰক্ৰিয়াৰ বৰ্দ্ধিত তাৰিখৰ সুযোগৰ সদব্যৱহাৰ কৰিব লাগিব: আছু

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু আপত্তিৰ আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰৰ পৰিবৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ জনসাধাৰণক এই সুযোগৰ সদব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে। বৰ্ধিত তাৰিখৰ উপৰিও এতিয়াৰ পৰা দাবী আৰু আপত্তি সমূহৰ আবেদন এন আৰ চি সেৱা কেন্দ্ৰৰ বিপৰীতে জিলা মুখ্য কাৰ্য্যলয়ত কৰিব পাৰিব।
চেণ্টিনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে আমি ৰাজ্যৰ জনসাধাৰণক এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ বাবে সন্দেহযুক্ত নাগৰিকৰ বিপক্ষে নিৰ্ভিক ভাবে আবেদন কৰাৰ বাবে আহ্বান জনাইছো।সৰ্বোচ্চ ন্যায়ালয়ে আমি কৰা অনুৰোধৰ প্ৰতি যোগাত্মক ন্যায় প্ৰদান কৰি দাবী আৰু আপত্তি সমূহ এন আৰ চি সেৱা কেন্দ্ৰ সমূহৰ বিপৰীতে জিলা মুখ্য কাৰ্য্যলয়ত কৰিব পাৰিব বুলি ৰায় দিছে, গতিকে এতিয়াৰ পৰা ভয়ৰ কোনো কাৰণ নাই সকলোৱে সন্দেহ যুক্ত নাগৰিকক চিনাক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জনে মন্তব্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰথম ১৯৫১ চনত প্ৰস্তুত কৰা হৈছিল তাৰ পিছত অসমত ইয়াৰ উন্নীত কৰণ কৰা হোৱা নাছিল গতিকে অসমৰ জনসাধাৰণে এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তত কৰাৰ বাবে সকলো প্ৰকাৰে সহযোগ কৰিব লাগিব বুলিও লুৰিণ জ্যোতি গগৈয়ে মত প্ৰকাশ কৰে। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কতৃপক্ষই দুই এদিনতে দাবী আৰু আপত্তিৰ বৰ্ধিত তাৰিখ আৰু আবেদন প্ৰক্ৰিয়া সম্বন্ধে ৰাজ্যজুৰি বিজ্ঞাপন প্ৰচাৰ কৰিব। এন আৰ চি কতৃপক্ষই ইতিমধ্যে জিলা উপায়ুক্ত কাৰ্য্যলয়লৈ এন আৰ চিৰ প্ৰকাশিত সম্পূৰ্ণ খচৰা প্ৰেৰণ কৰিছে। দাবী আৰু আপত্তিৰ আবেদনৰ শুনানি সমূহ ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰাম্ভ হব। ৰাজ্যত বৰ্তমানলৈ ২৮৯ টা আপত্তি গ্ৰহণ কৰা হৈছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি