এন আৰ চি কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান গোৰ্খা সংগঠনৰ

অখিল অসম গোৰ্খা পৰিষদে (AAGS)ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমৰ ৰাজ্যিক সমন্বয় ৰক্ষী প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত সম্প্ৰাদায়টোৰ সদস্য সকলে এন আৰ চিৰ পুনৰ আবেদন প্ৰক্ৰিয়াৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰে। স্মাৰক পত্ৰ সন্দৰ্ভত গোৰ্খা পৰিষদৰ ফালৰ পৰা কোৱা হয় যে তেওঁলোকৰ সম্প্ৰদায়ৰ লোক সকলৰ নাম আৰু উপাধিৰ ক্ষেত্ৰত যথেষ্ঠ খেলিমেলিৰ সৃষ্টি হৈছে।এন
আৰ চিত কাৰোবাৰ দেউতাকৰ নাম যদি বীৰ বাহাদুৰ ছেত্ৰী তেওঁৰ সন্তানৰ নাম ধন বাহাদুৰ থাপা বুলি ভূলকৈ আহিছে।থাপা এক বংশৰ নাম পৰিয়াল এটা এই বংশৰ ভিতৰতহে পৰে।
এ এ জি এচৰ ফালৰ পৰা পুনৰ কোৱা হয় যে আমাৰ সম্প্ৰদায়ৰ লোক সকলে নিজৰ জাতিৰ নাম নিজৰ নাম অথবা উপাধি হিচাপেও বহু ক্ষেত্ৰত ব্যৱহাৰ কৰে এন আৰ চি প্ৰক্ৰিয়াৰ সময়ত এনেবোৰ দিশে খেলিমেলিৰ সৃষ্টি কৰিছে। আকৌ এটা ঘটনা প্ৰসংগত পৰিষদে কয় এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশৰ আগতে হোম বাহাদুৰ ছেত্ৰী নামৰ এজন লোকৰ মৃত্যু হয় লোকজনৰ পত্লীৰ এন আৰ চিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে মৃত্যু হৈছিল।হোম বহাদুৰ ছেত্ৰীয়ে তেওঁৰ দুজন ১১ আৰু ১৩ বছৰীয়া সন্তানৰ নাম ওদালগুৰি জিলাৰ মাজবাট ৰাজহ খণ্ডত থকা এন আৰ চি কেন্দ্ৰত জমা দিছিল কিন্তু দ্বিতীয়খন খচৰাত মৃত হোম বাহাদুৰ ছেত্ৰীৰ দুয়োটা সন্তানৰ নাম বাদ পৰে।এনে ক্ষেত্ৰত দুই সন্তানক ন্যায় প্ৰদানৰ আবেদন কৰে।