Begin typing your search above and press return to search.

ঐতিহাসিক এনআৰচিৰ আপেক্ষাত সমগ্ৰ অসমবাসী

ঐতিহাসিক এনআৰচিৰ আপেক্ষাত সমগ্ৰ অসমবাসী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2018 6:03 AM GMT

অৱশেষত অসমবাসীৰ আপেক্ষাৰ অন্ত পেলাই এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন আহি পালে।প্ৰায় ৩ কোটি জনতাৰ ভাগ্য নিৰ্ণয়কাৰী এনআৰচি সোমবাৰে দিনৰ ১০ বজাত প্ৰকাশ কৰিব।অসমবাসীৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলোধৰনৰ সহায় আগবঢ়ায়ছে।ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল চেইলেচ আৰু উত্তৰপূৰ্বাঞ্চলৰ যুতীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ দেওবাৰে গুৱাহাটীত উপস্থিতহৈ এনআৰচি কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয়।জেনেৰেল চেইলেচে কয় যে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে সকলোধৰনৰ আয়োজন সম্পূৰ্ণ হোৱাত সুখী অনুভৱ কৰিছো।সত্যেন্দ্ৰ গাৰ্গে কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কটা নাযায়।কিবা কাৰনত যদি কিবা তথ্য ভুলকৈ ছপা হলে,প্ৰকৃত ভাৰতীয় নাগৰিকে চিন্তা কৰাৰ প্ৰয়োজন নাই,এইখন এখন খচৰাহে,প্ৰকাশৰ পাছত সকলো লোকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব। এনআৰচিৰ সেৱা কেন্দ্ৰসমূহত দাবী জনোৱাৰ সুবিধা থাকিব।

Next Story
চাকৰি