Begin typing your search above and press return to search.

কংগ্ৰেছক প্ৰতিহত কৰিবলৈ অগপ, বিজেপিৰ যৌথ নিৰ্বাচনী প্ৰচাৰ

কংগ্ৰেছক প্ৰতিহত কৰিবলৈ অগপ, বিজেপিৰ যৌথ নিৰ্বাচনী প্ৰচাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2019 7:02 AM GMT

লোকসভা নিৰ্বাচনৰ বাবে অগপ আৰু বিজেপিয়ে একেলগে কংগ্ৰেছক প্ৰতিহত কৰিবলৈ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ, ৰেলী আৰু বৈঠকৰ যোগেদি প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অগপৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ ২৮ মাৰ্চত কলিয়াবৰত প্ৰথমটো নিৰ্বাচনী ৰেলীত অংশগ্ৰহন কৰে । এই ৰেলীতে অমিত শ্বাহে প্ৰকাশ কৰে যে মনি মাধৱ মহন্তৰ জয়ে বিজেপিৰ জয় আৰু কংগ্ৰেছৰ পৰাজয় ।

আনহাতে দেওবাৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কলিয়াবৰ লোকসভা সমষ্টিৰ বটদ্ৰৱা আৰু আমবাগানত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি অগপৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই । হিমন্তবিশ্ব শৰ্মাই প্ৰকাশ কৰে যে অগপৰ প্ৰাৰ্থীক ভোট দি মিত্ৰজোট চৰকাৰৰ ৰাজ্যৰ উন্নয়নৰ প্ৰতি সমৰ্থন কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাব । বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি কয় যে কংগ্ৰেছক প্ৰতিহত কৰিবলৈ লোকসভা নিৰ্বাচন অগপ বিজেপিৰ বাবে ছেমি ফাইনেল। কোৱাটাৰ ফাইনেল অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে জনতাই বিজেপিক ভোট দিছে। এতিয়া ছেমি ফাইনেল অৰ্থাৎ লোকসভা নিৰ্বাচনত অগপক ভোট দিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ।

ৰেলীত হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত , বটদ্ৰৱাৰ বিধেয়ক আংগুৰলতা ডেকা আৰু বহু সংখ্যক সমৰ্থক উপস্থিত থাকে ।

ৰেলীত অংশগ্ৰহণ কৰি বিধায়িকা আঙুৰলতা ডেকাই অগপক ভোট দিবলৈ আহ্বান জনাই । আনহাতে কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত দেৰগাঁওত যৌথ ৰেলীত অগপৰ সভাপতি অতুল বৰা , অসম প্ৰভাৰী মহেন্দ্ৰ সিঙ আৰু যোৰহাটৰ বিধায়কৰ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকি অগপক ভোট দিবলৈ আহ্বান জনাই।

সাংবাদিকৰ সৈতে মত বিনিময় কৰি অতুল বৰাই প্ৰকাশ কৰে যে অগপ ,বিজেপিৰ গ্ৰাছৰোট কৰ্মী সকলৰ মাজত প্ৰাথমিক পাৰ্থক্য আৰু ভূল বুজাবুজি আতৰ কৰি , কংগ্ৰেছক প্ৰতিহত কৰিবলৈ একেলগে কাম কৰিব লাগিব বুলি প্ৰকাশ কৰে । লগতে তেওঁ প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন বুজাবুজি আছে । গোপন বুজাবুজিৰ পৰিপ্ৰেক্ষিততে এ আই ইউ ডি এফে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰব গগৈক জয় কৰিবলৈ কলিয়াবৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই । কিন্তু কলিয়াবৰ অগপয়ে জয় হব বুলি প্ৰকাশ কৰে অতুল বৰায়ে ।

লগতে বিজেপিৰ বিধায়ক মৃনাল শইকীয়ায়ে খোমটাইত এক বৈঠকত মিলিত হয় আৰু চাহ জনগোষ্ঠীয় লোক সকলৰ মাজত অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি