Begin typing your search above and press return to search.

কন্যাৰ বাবে পিতৃ গৌৰৱান্বিত;কন্যাক চেল্যুট প্ৰদান পিতৃৰ

কন্যাৰ বাবে পিতৃ গৌৰৱান্বিত;কন্যাক চেল্যুট প্ৰদান পিতৃৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2018 12:20 PM GMT

এজন পিতৃয়ে নাইবা দেউতাকে এজনী ছোৱালীৰ বাবে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰে।ঠিক একেই ধৰনে এজন পিতৃয়ে এজনী ছোৱালীৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছে অৰ্থাৎ এক বিশেষ চৰিত্ৰ কিদৰে ৰূপায়ন কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে উল্লেখ কৰা হৈছে।

এটা বাতৰিয়ে কিছুদিন পূৰ্বে চ'চিয়েল মিডিয়াত ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।কাহিনী ভাগ হৈছে তেলেংগনাৰ আৰক্ষী বিভাগত একেলগে কৰ্মৰত এজন পিতৃ আৰু নিজ কন্যা।আৰক্ষী এআৰ উম্মােহশ্বৰা শৰ্মা নামৰ এগৰাকী জিলা উপায়ুক্তই তিনি দশক ধৰি জনসাধাৰনৰ হিতাৰ্থে সেৱা আগবঢ়াই আহিছে।১৯৮৫ চনত উপ-পৰিদৰ্শক হিচাপে জীৱন তথা কেৰিয়াৰ আৰম্ভ কৰা কিছুদিন পূৰ্ৱে পদোন্নতি ঘটিছে।শৰ্মা,অহা বছৰলৈ অৱসৰ গ্ৰহন কৰিব।বৰ্তমান তেওঁ ডিচিপি হিচাপে হাইডৰাবাদৰ মালকাজগিৰ এলেকাৰ অন্তৰ্গত ৰাচাকন্দা আৰক্ষী আয়ুক্তলায়ত কৰ্মৰত হৈ আছে।

ঠিক পিতৃৰ দৰে পিতৃৰ ভৰিৰ খোজে খোজে কন্যা সিন্ধু শৰ্মাও এই দিশত সুন্দৰ ভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে।সিন্ধু শৰ্মা ২০১৪ৰ এগৰাকী আইপিএছ বিষয়া।সিন্ধু তেলেংগনাৰ জাগিতিয়াল জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত,নিজৰ পিতৃতকৈ কন্যা হৈছে চিনিয়ৰ তথা জ্যেষ্ঠ পদত কৰ্মৰত।

এগৰাকী পিতৃ হিচাপে তেওঁ নিজৰ কন্যাক লৈ অত্যন্ত সুখী,লগতে তেওঁ গৌৰৱবোধ কৰি মত প্ৰকাশ কৰিছে যে,"তাই মোৰ চিনিয়ৰ তথা জ্যেষ্ঠ বিষয়া,যেতিয়াই মই তাইক চাও,চেল্যুট দিও,আমি আমাৰ কৰ্তব্য সমূহ পালন কৰো আৰু কেতিয়াও এই বিষয়কলৈ আলোচনা নকৰো,কিন্তু আমি ঘৰত থকা সময়ত আমি পিতৃ-কন্যাৰ দৰে থাকো"।

Next Story
চাকৰি