Begin typing your search above and press return to search.

কপিল শৰ্মাও আৱদ্ধ হ'ব বিবাহ পাশত

কপিল শৰ্মাও আৱদ্ধ হব বিবাহ পাশত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2018 11:32 AM GMT

ৰুবিনা দিলেক-অভিনৱ শোক্লা,প্ৰিঞ্ছ নৰুলা-য়ুভিকা চৌধুৰীৰ পিছত এইবাৰ বিবাহ পাশত আৱদ্ধ হ'ব সকলোৰে মাজত জনপ্ৰিয় চনি চেনেলত সম্প্ৰসাৰিত হোৱা 'দ্যা কপিল শৰ্মা শ্ব'' কমেডী অৰ্থাৎ হাস্যত্মক অনুষ্ঠানটিৰ মুল কৌতুক অভিনেতা কপিল শৰ্মাৰ । অহা ডিচেম্বৰৰ ১২ তাৰিখে বিবাহ পাশত আৱদ্ধ হ'ব অভিনেতা জন। বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব নিজ গৃহচহৰ অমৃতচৰত ।

দীৰ্ঘদিন ধৰি গিন্নি চেতাৰ্থৰ সৈতে সম্পৰ্কত থকা প্ৰেয়সীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ব কপিল । অহা ১২ ডিচেম্বৰত বিয়াৰ তাৰিখ ঠিক হোৱাত ইতিমধ্যে কপিলৰ পৰিয়ালৰ লোকে পঞ্জাৱী পৰম্পৰাত বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে । কপিল যদিও কৰ্মৰ সৈতে মুম্বাইত বাস কৰে তথাপি নিজ বিয়াৰ কিছু কাম-কাজ ব্যক্তিগত ভাৱে চকু দিছে কৌতুক অভিনেতা গৰাকীয়ে ।

https://www.instagram.com/p/BRyNRRgl6jm/?hl=en&taken-by=kapilsharma

কপিল শৰ্মাই সঠিক ভাৱে মন্তব্য প্ৰকাশ কৰি কৈছে যে,অহা ডিচেম্বৰৰ ১২ তাৰিখে জালন্ধৰত অৰ্থাৎ গিন্নিৰ গৃহচহৰত বিবাহ কাৰ্যসূচী সম্পন্ন কৰিব । যিহেতু গিন্নি পৰিয়ালৰ একমাত্ৰ ছোৱালী ।সেয়ে পৰিয়ালৰ লোকে সম্পূৰ্ন পৰম্পৰাৰ মাজেৰে বিবাহৰ সকলো কাৰ্যসূচী সম্পন্ন কৰিব বিচাৰিছে আৰু তেওঁলোকে এই আৱেগ কপিলে বুজিব পাৰিছে ।

বলীউদে হওঁক নাইবা সৰু পৰ্দাৰ তাৰকা সকলে হওঁক ইজনৰ পিছত সিজনে বিবাহ পাশত আৱদ্ধ হৈ আছে ।সেয়ে কপিলেও মত প্ৰকাশ কৰি কৈছে যে,সকলোৱে বিয়া পাতিছে,তেওঁ কিয় পিছত থাকিব(Everyone is getting married, why should I be left behind.)

Next Story
চাকৰি