কষ্ট কৰা মানুহে কেতিয়াও নিৰাশ নহয়,প্ৰমান কৰি দেখুওৱালে খেতিয়কৰ ছোৱালী ইলমাই

১৪ বছৰ বয়সত এটা ল'ৰা নাইবা এজনী ছোৱালীৰ বাবে এনেকুৱা এটা বয়স নাইবা সময়,যি সময়ত তেওঁলোকে নিজক লৈ বহু সপোন দেখে । আৰু যদি এইখিনি সময়তে জীৱনত যদি কোনো ন'হবলগীয়া ঘটনা সংঘটিত হয় তেন্তে সেই সপোন সমূহত পানী পৰি নষ্ট হৈ যোৱাৰ দৰে হয় । সৰ্বভাৰতীয় অসামৰিক সেৱাত ২১৭নম্বৰ স্থান দখল কৰা ইলমা আফৰোজৰ জীৱনটো এনেকুৱা এক ঘটনা সংঘটিত হৈছিল ।কিন্তু ইলমাৰ প্ৰবল ইচ্ছাশক্তিৰ সন্মুখত পৰিস্থিতিয়ে হাৰ মানিবলৈ বাধ্য হৈছিল । আৰু তাই দেশৰ কোটি কোটি ছোৱালীৰ বাবে এক ডাঙৰ উদাহৰন হৈ পৰিল ।
ইলমা যেতিয়া ১৪বছৰ বয়সৰ আছিল,ঠিক সেই সময়তে তাইৰ মূৰৰ ওপৰৰ পৰা দেউতাকৰ ছায়া উঠি গৈছিল । ইলমাৰ পৰিয়ালটিৰ বাবে খেতিয়ে আছিল একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথ আৰু এনে পৰিস্থিতৰ সন্মুখীন হোৱাত ইলমাই মাকক খেতি পথাৰৰ কামত সহায় কৰিবলৈ আৰম্ভ কৰিছিল । পৰিস্থিতি যেনেকুৱাই নাছিল কিয়,ইলমাৰ নিজ ইচ্ছাশক্তিৰ আৰঁত এইখিনি একোৱেই নাছিল । নিজ সপোনক বাস্তৱত পৰিনত কৰিবৰ বাবে ইলমাই দিন-ৰাতি বহু কষ্ট কৰিছিল । খেতিৰ কামত মাকক সহায় কৰাৰ লগতে টিউচন কৰোৱাই নিজৰ পঢ়া খৰচ নিজে উলিয়াই লৈছিল । ইলমাই ড° এপিজে আব্দুল কালামক আদৰ্শ ব্যক্তি হিচাপে মানিছিল আৰু অত্যাধিক সন্মান প্ৰদৰ্শন কৰিছিল । আব্দুল কালামক আদৰ্শ ব্যক্তি হিচাপে মানি লৈ ইলমাই মত প্ৰকাশ কৰিছিল যে,ইলমাৰ সপোন সমূহে ইলমাক কেতিয়াও শুব দিয়া নাছিল ।
মুৰাদাবাদৰ পৰা দ্বাদশ শ্ৰেনীৰ চূড়ান্ত পৰীক্ষাত সফল হোৱাৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেঞ্চ কলেজত দাখিল হয় ।ইলমা কলেজ খনৰ ইমানে মেধা সম্পন্ন ছাত্ৰী আছিল যে,পঢ়ি থকা সময়তে বিদেশৰ পৰা জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল । ইলমাই প্ৰতিষ্ঠিত পেৰিছ স্কুল অৱ ইণ্টাৰনেশ্যনেল আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়িবলৈও সুবিধা পাইছিল । কেৱল এইয়াই নহয় ইলমাই বিশ্বৰ ডাঙৰ সংস্থাৰ ভিতৰত এটা কিলটন ফাউণ্ডেশ্বনৰ সৈতে কাম কৰাৰো সুযোগ লাভ কৰিছিল । ইমান খিনি ভাল ভাল ঠাইত পঢ়াৰ সুযোগ কাম কৰাৰ সুযোগ লাভ কৰাৰ পিছতো নিজৰ দেশ খনৰ প্ৰতি কিবা এটা কৰা নাইবা সেৱা আগবঢ়াব বিচাৰিছিল ইলমাই ।যাব বাবে স্বদেশ অৰ্থাৎ নিজ দেশলৈ ঘূৰি অহাৰ কথা ঠিৰাং কৰিলে । ভাৰতলৈ উভতি আহি সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল ।অনিবাৰ্য্য ক'চিং আৰু কিতাপক আওকান কৰি ইলমাই সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছিল ।
ইলমাৰ মতে,কষ্ট কৰা সকলৰ কেতিয়াও হাৰ নহয় অৰ্থাৎ যিসকল লোকে কোনো ভাল কামৰ বাবে কষ্ট কৰে তেওঁলোকে সফলতা লাভ কৰিবই । থিক ইলমাৰ লগতো এনেকুৱাই হৈছিল । ইলমাৰ কষ্ট সাৰ্থক হ'ল,তাই যিখিনি কষ্ট কৰিছিল সেই কষ্টৰ অন্তত তাইক মিঠা ফল লাভ কৰিলে আৰু ২১৭ নম্বৰত স্থান দখল কৰিবলৈ সক্ষম হয় । এটি সৰু পৰিয়ালৰ পৰা যোৱা ইলমাৰ এই সাফল্য সচাঁই প্ৰেৰনাদায়ক আৰু ইলমাই মত প্ৰকাশ কৰা অনুসৰি মহিলা সকলক ন্যায় প্ৰদান কৰাটো তেওঁৰ কৰ্মক্ষেত্ৰৰ প্ৰথম আৰু প্ৰাথমিক উদ্দেশ্য হ'ব।
এগৰাকী খেতিয়কৰ ছোৱালীয়ে যদি কোনো ক'চিং আৰু নোটবুকৰ সহায় নোলোৱাকৈ দেশৰ ইমান এটা ডাঙৰ পৰীক্ষাত সফল অৰ্জন কৰিব পাৰে এই কথাটো কেৱল তেওঁৰ পৰিয়ালৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে এইটো এক ডাঙৰ কথা । ইলমাৰ দৰে দেশৰ কন্যাকলৈ আমি গৌৰৱবোধ কৰিব পাৰো,যিয়ে ভাৰত তথা হিন্দুস্তানক মহাশক্তি হিচেপে গঢ়ি তুলিবলৈ যোগ্যবান হয় ।