নগাঁও জিলাৰ কামপুৰৰ বৰচুং ৰঙাগড়া খেলপথাৰত দেওবাৰে বিয়লি মহিলাৰ এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় । এই আকৰ্ষণীয় খেলখনত প্ৰতিদণ্ডিতা কৰে কাৰ্বি আংলং জিলা মহিলা ফুটবল একাদশ আৰু নগাঁও জিলা মহিলা ফুটবল একাদশে । খেলখনত কাৰ্বি আংলং জিলা মহিলা ফুটবল একাদশে ৭-০ গ'লৰ ব্যৱধানত নগাঁও জিলা মহিলা ফুটবল একাদশক পৰাস্ত কৰে । কাৰ্বি আংলঙৰ দলটোৰ সন্মূখত কোনো ধৰনৰ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে নগাঁৱৰ দলটোৱে ।
Begin typing your search above and press return to search.