Begin typing your search above and press return to search.

কামৰূপ মেট্ৰ’ত পঞ্চায়ত নিৰ্বাচনত ৭৪ শতাংশ ভোটগ্ৰহণ সম্পন্ন

কামৰূপ মেট্ৰ’ত পঞ্চায়ত নিৰ্বাচনত ৭৪ শতাংশ ভোটগ্ৰহণ সম্পন্ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 10:33 AM GMT

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডিমোৰীয়াটো শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয়। ১৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয় । অন্যহাতে নাৰটেপ গাঁও পঞ্চায়তৰ অঞ্চলটোৱে যিকোনো ক্ষেত্ৰতে উন্নয়নৰ মুখ নেদেখা কাৰণে পঞ্চায়তটোৰ ৫ জন লোকে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰা কথা কৈছিল যদিও বুধবাৰে তেওঁলোকে সকলো ক্লেশ পাহৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

জনজাতিসকলৰ এজন নেতাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ লগত তেওঁলোক আৱেগিকভাৱে জড়িত ৷ তেওঁলোকে সেই অঞ্চলটোত এনেকুৱা এজন জনপ্ৰতিনিধিক বিচাৰে যিয়ে তেওঁলোকক আগুৱাই লৈ যাব পাৰিব ৷ ইফালে অসম মেঘালয় সীমান্তৰ অপ্ৰিকোৱাৰ বাসিন্দাসকলে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে এজন সুদক্ষ জনপ্ৰতিনিধিক বিচাৰিছে ৷ যাতে উক্ত অঞ্চলটোৰ বাসিন্দাই অনতি পলমে উন্নয়নৰ মুখ দেখে ৷

ইফালে,কপালকাটা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত বেলট পেপাৰক লৈ এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । আমাৰ সাংবাদিকৰ তথ্য অনুসৰি,কামৰূপ মেট্ৰ’ত প্ৰায় ৭৪ শতাংশ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ ইফালে মহানগৰ আৰক্ষীয়ে তিনিটা পৰ্যায়ত প্ৰশাসনক সোনাৰাম হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত তদাৰক কৰিছিল ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি