পশ্চিম কাৰ্বি আংলঙ জিলাৰ খেৰণি থানা অন্তৰ্গত জেংখাত এগৰাকী ১৫ বছৰীয়া কিশোৰীক অপহৰণৰ অপচেষ্টা চলোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জিৰিকিন্দেঙ পৰা জেংখা লৈ কিশোৰী গৰাকী নিজৰ বৌৱেকৰ সৈতে বাছেৰে গৈ নমাৰ লগে-লগে এজন যুৱকে বলপূৰ্বকভাৱে নিজৰ বাইকত বহুৱাই অপহৰণ কৰিবলৈ চেষ্ঠা কৰে।প্ৰত্যক্ষদৰ্শী লোকে যুৱক জনক আটক কৰি আৰক্ষীক গতাই দিয়ে। আটকাধীন যুৱক জন মুৰাঝাৰ থানা অন্তৰ্গত বৰহোৱা গাঁৱৰ মহম্মদ চাহ মিলাল বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আটকাধীন যুৱক জনক হামৰেন জেললৈ প্ৰেৰণ কৰা হৈছে।
কাৰ্বিঅাংলঙত দিনদুপৰতে কিশোৰীক অপহৰণৰ চেষ্ঠা,ৰাইজে আটক কৰি গতালে আৰক্ষীক

Next Story