Begin typing your search above and press return to search.

কিয় অসম সাহিত্য সভাই সম্বৰ্ধনা জনালে চাহ বাগিচাৰ এই কেইগৰাকী মহিলাক?

কিয় অসম সাহিত্য সভাই সম্বৰ্ধনা জনালে চাহ বাগিচাৰ এই কেইগৰাকী মহিলাক?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2018 10:19 AM GMT

মহিলাক দমণ কৰি ৰখা পুৰুষতান্ত্ৰিক সমাজ খনৰ বিভিন্ন কাৰ্য্যকলাপৰ কথা আমি সততে শুনি আহিছো। পদে পদে অতীজৰে পৰা নাৰীক দমণ কৰি ৰাখি নাৰীৰ অফুৰন্ত সৃষ্টি আৰু কৰ্মশক্তিক অৱদমিত কৰি ৰখা হৈছে। কিন্তু নাৰীয়ে বিভিন্ন সময়ত নিজৰ কামৰ জড়িয়তে নিজকে সমাজত প্ৰতিষ্ঠা কৰি আহিছে। অসমতো নাৰীৰ আন এক স্মৰণীয় গাঠা প্ৰকাশ পালে। জানো আহক কিয় সংবাদশীৰ্ষ লাভ কৰিলে অসমৰ চাহ বাগিছাৰ ৩৫ গৰাকী ব্যতিক্ৰমী মহিলাই। অসম সাহিত্য সভাই শনিবাৰে গোলাঘাটত অনুষ্ঠিত "সেউজী আকাশ" নামৰ এটা অনুষ্ঠানত নিজৰ নিজৰ ক্ষেত্ৰ খনত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা বাবে চাহ বাগিছাৰ ৩৫ গৰাকী মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰে। মহিলা কেইগৰাকীয়ে নিজ নিজ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা বাবে সাহিত্য সভাই তেওঁলোকক এই সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম সাহিত্য সভাই সেউজী আকাশ নামৰ অনুষ্ঠানটোৰ উদ্যোগত চাহ জনগোষ্ঠীৰ বিকাশৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। চাহ জনগোষ্ঠীৰ বঞ্চিত মানুহ খিনিৰ কাৰণে সাহিত্য সভাই যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ইয়াৰ অংশস্বৰূপে এইবাৰ ৩৫ গৰাকী চাহ জনগোষ্ঠীৰ মহিলাক গামোচা, চেলেংচাদৰ, প্ৰতীকচিহ্ন আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত ঈনা চেলেখা, দেবৰী বেহেৰা আৰু অঞ্জু পানিকা নামৰ তিনিগৰাকী মহিলাকো সম্বৰ্ধনা জনোৱা হয়। এই তিনিগৰাকী মহিলাক প্ৰতিদিনে আটাইতকৈ বেছি চাহ তোলাৰ বাবে সম্বৰ্ধনা জনোৱা হয়, মহিলা কেইগৰাকীয়ে প্ৰতিদিনে ৬০ কিলোগ্ৰামকৈ চাহপাত তোলে।

সম্বৰ্ধনা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকি মহিলা কেইগৰাকীক সম্বৰ্ধনা জনাই। উদ্যোক্তা সমিতিৰ সম্পাদক দিগন্ত কুমাৰ ভূঞায়ো উপস্থিত থাকে। অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমীয়া সমাজৰ প্ৰতি থকা অৱদানক প্ৰসংশা কৰে। কৃষি মন্ত্ৰী অতুল বৰাই চাহ বাগিচাৰ কৰ্মী সকলৰ বাবে ৰাজ্য চৰকাৰে ভবিষ্যতে অধিক ফলপ্ৰসু আচনি গ্ৰহণ কৰিব বুলি কয়। অসম সাহিত্য সভাই অসমৰ সমাজ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ভবিষ্যতেও ইয়াৰ বাবে আৰু অধিক কাম কৰি যাব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি