Begin typing your search above and press return to search.

কুমাৰপাৰাৰ ৰাজহুৱা সভাত অংশগ্ৰহন কুইন ওজাৰ: কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী মঞ্জু বৰাৰ বিজেপিত যোগদান

কুমাৰপাৰাৰ ৰাজহুৱা সভাত অংশগ্ৰহন কুইন ওজাৰ: কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী মঞ্জু বৰাৰ বিজেপিত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2019 12:08 PM GMT

লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে আজি পূৱ শান্তিপুৰ, পশ্চিম শান্তিপুৰ, শান্তিপুৰৰ শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰে । ইয়াৰ সমান্তৰালকৈ কুমাৰ পাৰা ৰাজহুৱা নামঘৰত এখন ৰাজহুৱা সভাতো অংশগ্ৰহন কৰে কুইন ওজায়ে । এই সভাতে কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী মঞ্জু বৰায়ে বিজেপি দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ।

ইয়াৰ পাছতে কুইন ওজা হৰিজন কল’নিত উপস্হিত হৈ ব্যৱসায়ী সকলৰ সৈতে মত বিনিময় কৰে ৷ হৰিজন কল’নিত এটি পৰিয়ালৰ লগত আহাৰ গ্ৰহণ কৰে গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৷

আহাৰ গ্ৰহণ কৰি কুইন ওজায়ে "ভাৰতীয় জনতা পাৰ্টী,পশ্চিম গুৱাহাটী মণ্ডল"ৰ উদ্যোগত অনুষ্ঠিত এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে ৷ উক্ত সভাত "ভাৰতীয় জনতা পাৰ্টী"ৰ উপসভাপতি মনোজৰাম ফুকন,বিজয় কুমাৰ গুপ্তা,প্ৰাক্তন বিধায়ক তথা উক্ত মণ্ডলৰ প্ৰভাৰী যাদব ডেকা, জিলা সভাপতি বিচিত্ৰ নাৰায়ন কলিতা,মণ্ডল সভাপতি শান্তিৰাম ডেকা ,সংবাদ সম্পৰ্ক বিভাগৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল,প্ৰাক্তন জিলা সভাপতি মুকুতা ডেকা,অনুসুচিত জাতি মৰ্চাৰ জিলা সভাপতি নিলোপম দাস প্ৰমোখ্যে বহুকেইগৰাকী জ্যেষ্ঠ নেতা উপস্হিত থাকে ৷ উক্ত সভাত "ভাৰতীয় জনতা পাৰ্টী"ৰ নীতি আৰু আদৰ্শেৰে অনুপ্ৰাণিত হৈ বহুকেইগৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ লগতে গুৱাহাটী সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা সমুহ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনায় কুইন ওজায়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত এখন দুৰ্নীতিমুক্ত,সুৰক্ষিত,বিকশিত আৰু সুশাসনেৰে পৰিচালিত ভাৰত গঢ় দিয়াৰ বাবে আহ্বান জনায় কুইন ওজায়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি