Begin typing your search above and press return to search.
কৃষি মন্ত্ৰীৰ কনভয়ে খুন্দা মাৰিলে ডাম্পাৰত,ছয় জন আঘাতপ্ৰাপ্ত

ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ী এখনে ডাম্পাৰ এখনক খুন্দা মৰাৰ ফলত কনভয়ৰ চালক সহ ছয় জনকৈ লোক আঘাতপ্ৰাপ্ত হয়।শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰ ফালৰ পৰা আহি থকা ডাম্পাৰ খনে যোৰহাটৰ সমিপৰ জাজি হাঁহচৰা তিনিআলিত কনভয় খনত খুন্দা মাৰে।ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ খনৰ চালক আৰু হেন্দিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।কনভয় খনৰ চালকৰ লগতে আঘাতপ্ৰাপ্ত সকলো লোককে স্থানীয় চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।
Next Story