Begin typing your search above and press return to search.

কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ অধিবেশনত মুখ্যমন্ত্ৰী সোণোৱাল

কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ অধিবেশনত মুখ্যমন্ত্ৰী সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2018 5:57 AM GMT

অসমক শ্ৰেষ্ঠ আৰু উন্নত ৰাজ্য ৰূপে গঢ়ি তুলিবলৈ অসমৰ যুৱ সমাজে নিজকে আধুনিক ধ্যান ধাৰণাৰ লগতে আধ্যাত্মিক চিন্তা চৰ্চাৰ শিক্ষাৰে উপযুক্ত ৰূপে আগুৱাই যাব লাগিব বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শিৱসাগৰত অনুষ্ঠিত কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ দ্বি- বাৰ্ষিক অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এই আহ্বান জনায় । তেওঁ যুৱ শক্তিক মহা শক্তি বুলি অভিহিত কৰি যুৱ শক্তিক সমাজত শান্তি সম্প্ৰতি আৰু ভাতৃত্ব বোধৰ আদর্শ প্ৰতিষ্ঠা কৰাৰ বাবে সংগ্ৰাম কৰাৰ পোষকতা কৰে ।

ইফালে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত মাজুলীত অনুষ্ঠিত হৈ যোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা সিদ্ধান্তৰ সম্পৰ্কত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ চৰকাৰৰ দিনত সকলোৱে শংকামুক্ত পৰিৱেশ পাব বুলি কৰা মন্তব্যত ৰাজ্যিক কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাত যে মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ সমৰ্থন আছে সেয়া স্পষ্ট হৈ পৰিল ৷ কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ সভাপতি মুকুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা,শক্তি মন্ত্ৰী তপন গগৈ প্ৰমুখ্যে ভালে সংখ্যক গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে ১২ অক্টোবৰৰ পৰা শিৱসাগৰৰ নগৰৰ বৰ্ডিং খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিবেশনৰ আজি সামৰণি পৰিব।

Next Story
চাকৰি