কোনো বাংলাদেশীয়ে বিগত দহ বছৰত অসমত অবৈধভাবে প্ৰবেশ কৰা নাই: বিজেপি

বাংলাদেশীৰ অনুপ্ৰবেশ সম্বন্ধে অসম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে। অসমৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ খনে অবৈধ অনুপ্ৰবেশ সম্বন্ধে কয় যে বিগত দহ বছৰত অসমত কোনো বাংলাদেশীয়ে অবৈধ ভাবে অনুপ্ৰবেশ কৰা নাই।ৰাজ্যজুৰি অব্যাহত থকা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰসংগত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ স্বপ্ননীল বৰুৱাই এখন সংবাদ মেলত কয় যে বিগত দশকত কোনোধৰণৰ অনুপ্ৰবেশ হোৱা নাই, অবৈধ অনুপ্ৰবেশকাৰী সকল ভাৰতলৈ বহু আগতেই আহিছিল।
বিজেপিৰ মুখপাত্ৰজনে কয় যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ লোকসভাত পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা স্বদেশত নিগৃহীত হোৱা ধৰ্মীয় সংখ্যালঘু সকলক ভাৰত বৰ্ষত নাগৰিকত্ব প্ৰদান কৰাৰ বাবে গৃহীত কৰিছে। এই লোক সকল ২০১৪ চনৰ ৩১ডিচেম্বৰৰ আগতে অহা হব লাগিব। বাংলাদেশী সকলে ভাৰতলৈ অৰ্থনৈতিক কাৰণত অহা নাই, এতিয়া বাংলাদেশী সকলে ইউৰোপ, আমেৰিকা আদি উন্নত দেশলৈ যায়। বাংলাদেশী সকল কিয় ভাৰতলৈ নাহে সেই প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত বৰুৱাই কয় যে ইউৰোপ আৰু গল্ফ আদি ঠাইত বাংলাদেশৰ পৰা যোৱা কৰ্মী সকলে দৈনিক ৩০০০ টকা বেতন লাভ কৰে আৰু ভাৰতত ১০০০ টকা লাভ কৰিব। গতিকে বাংলাদেশী সকল ভাৰতলৈ অহাৰ কোনো কাৰণ নাই।
ভাৰতীয় জনতা পাৰ্টিৰ মূল উদ্দেশ্য হৈছে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব প্ৰদান কৰা। বিজেপিয়ে আকৌ কয় যে মুছলমান বাংলাদেশী সকলে অৰ্থনৈতিক কাৰণত অবৈধ ভাবে অনুপ্ৰবেশ কৰে কিন্তু হিন্দু বাংলাদেশী সকলে ধৰ্মীয় নিপীড়নৰ বাবেহে অন্য দেশলৈ যায়। বিজেপিৰ মুখপাত্ৰজনে আকৌ কয় যে বিগত দশকত ভাৰতলৈ কোনো বাংলাদেশীয়ে অনুপ্ৰবেশ কৰা নাই তাৰ পৰিবৰ্তে বাংলাদেশী সকল বিগত দশকত ইউৰোপ আৰু গল্ফলৈ যাত্ৰা কৰিছে। নিৰ্বাচনৰ সময়ত দলটোৱে অনুপ্ৰবেশৰ সমস্যাক তুলি ধৰাৰ দৰে এতিয়া এই সমস্যা ভয়ানক হৈ থকা নাই।
আনএজন বিজেপিৰ মুখপাত্ৰ মোমিনুল আৱালে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰি কোনো হিন্দু বাংলাদেশীক ভাৰতলৈ নতুনকৈ অনা নহব। সংশোধনী বিধেয়ক খনৰ মাধ্যমেৰে ভাৰতত ইতিমধ্যে বসবাস কৰি থকা লোকৰ বাহিৰে কোনো লোকক নতুনকৈ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নহব বুলিও বিজেপিৰ মুখপাত্ৰ জনে মন্তব্য কৰে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি