Begin typing your search above and press return to search.

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজত কঁপি উঠিল লতাশিল খেলপথাৰ

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজত কঁপি উঠিল লতাশিল খেলপথাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Dec 2018 6:37 AM GMT

অসমৰ খিলঞ্জীয়াসকলৰ অস্তিত্ব সুৰক্ষাৰ দাবীত শনিবাৰে কেইবাশতাধিক লোকৰ সমাবেশত কঁপি উঠিল লতাশিল খেলপথাৰ ৷ মায়ং,মৰিগাঁও, যমুনামুখ,চিপাঝাৰ, চেঙা,বৰপেটা,ছয়গাঁও, আদিৰ বিভিন্ন ঠাইৰ লোকসকলে বিভিন্ন দাবীৰে নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজ দিলে লতাশিল খেলপথাৰত ৷ প্ৰব্ৰজন বিৰোধী মঞ্চৰ তত্বাৱধানত সচেতন অসমীয়া ৰাইজৰ সমাবেশ নামৰ সমাবেশত ৰাজ্যৰ সকলো জনপ্ৰতিনিধিক খিলঞ্জীয়াসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সময় সীমা বান্ধি দিলে ২০১৯ বৰ্ষৰ ৩১ জানুৱাৰী ৷

লগতে ১৯৫১চনৰ ভিত্তিবৰ্ষক কেন্দ্ৰ কৰি ভূমি,চৰকাৰী চাকৰি আৰু সা সুবিধা,বেপাৰ বাণিজ্যৰ অনুজ্ঞাপত্ৰৰ সংৰক্ষণ তথা পুনৰীক্ষণৰ দ্বাৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰিবলৈ হুংকাৰ দিয়ে সমাবেশৰ লোকসকলে ৷ লগতে তেওঁলোকে হুংকাৰ দিয়ে যে কোনো ধৰণৰ প্ৰব্ৰজনকাৰী যাতে নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সংস্থাপিত হ’ব নোৱাৰে ৷ ড° সীমান্ত শৰ্মা নামৰ এজন সচেতন নাগৰিকে কয় যে আমি নিজৰ ঠাইতে সংখ্যালঘু হ’বলৈ গৈ আছো ৷

আগন্তুক নিৰ্বাচনত ৰাইজে বিবেকভোট প্ৰদান কৰিব লাগিব ৷ অন্যহাতে মন্ত্ৰী কিৰেণ ৰিজিজুৰ ভাষ্য অনুসৰি ৰাজ্যত প্ৰায় ৮০ লাখ বাংলাদেশী আছে ৷ ইফালে আব্দুল কাছিম নামৰ এজন নাগৰিকে কয় যে কিছুমান মিঞালোকে আমাক দীৰ্ঘদিন ধৰি হাৰা শাস্তি কৰি আহিছে ৷ ছয়গাওঁ অঞ্চলটোব ১৯৮৫ চনৰ পৰা সন্দেহযুক্ত কিছুমান মিঞাই বসবাস কৰি আহিছে ।অন্য এজন নাগৰিক কমল কুমাৰ দাসে কয় যে NRC পাইলট প্ৰজেক্ট বৰপেটাত কৰোঁতে বহু মানুহৰ প্ৰাণ গ’ল। তাৰ কাৰণে চৰকাৰে চিনাক্ত কৰক প্ৰকৃত দোষীক । প্ৰাঞ্জল পাটৰ নামৰ আন এজনে কয় যে,পাটেকিবৰী আৰু মৰিগাওঁ জিলাখনৰ অধিকাংশই বাংলাদেশীৰ কবলত ৷

কোনো ধৰণৰ মাটি যাতে বাংলাদেশীৰ হাতত অৰ্পন নকৰোঁ তাৰ কাৰণে আমি সংকল্প বদ্ধ হ’ব লাগিব৷ হেমন্ত হাজৰিকা নামৰ আন এজন লোকে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ দ্বাৰা চলিত চৰকাৰখনে ভোট বেংক গঢ়িব বিচাৰে৷ ইফালে ২০১৮ চনৰ ৩১ মে’ত বাংলাদেশীয়ে বলাৎকাৰ কৰি হত্যা কৰা অৰুণিমা বৰা নামৰ শিক্ষয়িত্ৰী গৰাকীৰ স্বামী বিমল বৰাইও সমাবেশখনত মন্তব্য দাঙি ধৰে ৷ উল্লেখ্য যে,প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যূ হাজৰিকাই মন্তব্য কৰি ৩১ জানুৱাৰীৰ ভিতৰত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সকীয়াই দিয়ে চৰকাৰক ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি