Begin typing your search above and press return to search.

"গনতান্ত্ৰৰ জয়": বিশ্বৰ নেতাক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

গনতান্ত্ৰৰ জয়: বিশ্বৰ নেতাক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 11:10 AM GMT

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব নেতা আৰু ব্যক্তি সকলক ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ বাবে জনোৱা অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি মাইক প্ৰিঞ্চক ধন্যবাদ জ্ঞাপন কৰে । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ সৈতে একেলগে কাম কৰা প্ৰসংগ উল্লেখ কৰিছিল । মোদীয়ে লগতে কয় যে এয়া গনতান্ত্ৰৰ বিজয় যাৰ বাবে ভাৰত আৰু আমেৰিকাই একেলগে উৎযাপন কৰিছে । বিশ্ব আৰু দুখন দেশৰ সমৃদ্ধি আৰু শান্তিৰ বাবে একেলগে কাম কৰিব বুলিও প্ৰকাশ কৰে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনেও মোদীক অভিনন্দন ঞ্জাপন কৰিছিল । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাছিয়াৰ সমৰ্থন কথা উল্লেখ কৰি সোনকালে বৈঠকত মিলিত হোৱাৰ কথা প্ৰকাশ কৰে।

লগতে কানাডা প্ৰধানমন্ত্ৰী জিষ্টিন থ্ৰুদেও, ফ্ৰান্স ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ওইদ'দ' , চৌদি আৰবৰ ৰজা চলমন আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে মোদীয়ে ।

লগতে নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে বলীউডৰ চেলিব্ৰেটি আৰু খেলুৱৈ সকলক অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মোদীয়ে শিল্পা চেট্টী কুন্দ্ৰা, ৰবিনা তণ্ডন, আৰ মাধবন, এ আৰ ৰহমান ৰ লগতে মেৰি কম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি