Begin typing your search above and press return to search.

গুৱাহাটীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সংবাদমেল: কংগ্ৰেছক কটাক্ষ যোগী আদিত্যনাথৰ

গুৱাহাটীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সংবাদমেল: কংগ্ৰেছক কটাক্ষ যোগী আদিত্যনাথৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 7:34 AM GMT

কাৰ্গিল যুদ্ধৰ পাছত দেশ সুৰক্ষাৰ স্বাৰ্থত সেনা বাহিনীক আধুনিকীকৰণৰ কৰিবৰ কাৰণে প্ৰস্তাৱ ৰখা হৈছিল ৷ ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে কিন্তু কোনো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে ৷ কিন্তু ২০০৭ চনৰ পৰা ২০১৪ চনলৈ ৰাফেলযুদ্ধ বিমান ক্ৰয় প্ৰসংগটো প্ৰায় সাত বছৰ পেলাই থ’লে ৷

এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ লগতে কয় যে,ৰাফেল ডিল সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ক্লীন শ্বিট দিয়াৰ পিছতো কংগ্ৰেছৰ মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিযোগ কৰে ৷ ইফালে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক কটাক্ষ কৰি,উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে কয় যে,ৰাফেল যুদ্ধ বিমান সন্দৰ্ভত দিয়া উচ্চ ন্যায়ালয়ে দিয়া ৰায় নামানো বুলি কোৱাতো অত্যন্ত দুৰ্ভাগ্যজনক ৷

লগতে,উচ্চতম ন্যায়ালয় নিৰ্দেশক অৱমাননা কৰা তথা ন্যায়পালিকাৰ প্ৰতি অৱমাননা কৰা কাৰণে দেশৰ বাসীৰ ওচৰত ক্ষমা খুজিব লাগে ৰাহুল গান্ধীয়ে ৷ ইফালে,যোগী আদিত্যনাথে দেশবাসীক বিপথে পৰিচালিত নকৰিবলৈও আহ্বান জনায় ৷লগতে বিজেপি চৰকাৰে এই বিষয়টো সংসদত উত্থাপন কৰাৰ কথা কৈছিল যদিও কংগ্ৰেছ দলৰ ফালৰ পৰা, এই প্ৰসংগত কোনো সুদত্তৰ নাপালে ৷ সংসদৰ বিপৰীতে কংগ্ৰেছে যুটীয়া সংসদীয়া সমিতিৰ গঠনৰ যি দাবী তুলিলে সেয়াও কেৱল ইছ্যু কাৰণেহে প্ৰকাশ কৰিছিল ৷লগতে, কংগ্ৰেছে জে পি চিৰ নামত সংসদৰ কামত বাধা প্ৰদান কৰি ৰাফেল বিতৰ্কিক লৈ সংসদত আলোচনা হোৱাত বাধা দিয়া বুলি অভিযোগ কৰে যোগী আদিত্যনাথে ৷

উল্লেখ্য যে,সোমবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এনেদৰেই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ ইফালে সংবাদমেলৰ পিছত মা কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশীষ লয় মুখ্যমন্ত্ৰীজনে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি