Begin typing your search above and press return to search.

গুৱাহাটীত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়াৰ বাবে যুদ্ধকালীন প্ৰস্তুতি

গুৱাহাটীত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়াৰ বাবে যুদ্ধকালীন প্ৰস্তুতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2018 10:31 AM GMT

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত বহু প্ৰতিক্ষিত এদিনীয়া ক্ৰিকেট খেলখনৰ বাবে মাজত মাত্ৰ কুৰিটা দিন । ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি দ্ৰুতগতিত আগবঢ়াইছে অসম ক্ৰিকেট সন্থাই। ১১ অক্টোবৰৰ পৰা অনলাইন আৰু অফলাইন দুয়োটা স্তৰতে ক্ৰিকেট প্ৰমিৰ বাবে টিকট মুকলি কৰিব বুলি জানিব পৰা গৈছে।

খেলখনত দৰ্শকৰ ৰূপত থাকিব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনী ।উল্লেখ্য যে, বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ ক্ৰিকেট প্ৰেমী সকল ক্ৰিকেট জ্বৰত ভূগা পৰিলক্ষিত হৈছে।

Next Story