গুৱাহাটীবাসীৰ বাবে সুখবৰ:৩ টকা প্ৰতি কিলোমিটাৰত যাত্ৰা কৰক গুৱাহাটীত

গুৱাহাটী মহানগৰবাসীৰ বাবে এক সু-খবৰ। এতিয়া আপুনি যদি অকলশৰে এঠাইৰ পৰা আন ঠাইলৈ যাব বিচাৰে তেন্তে অলা বা উবাৰ বুক কৰিব নালাগে। কিয়নো অতি কম খচৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া বাহনতে যাত্ৰা কৰিব পাৰিব। তাকো প্ৰতি কিলোমিটাৰ তিনি টকাত। বাংগালুৰুৰ এক প্ৰতিষ্ঠান ‘ৰেপিড’ই আৰম্ভ কৰিলে বাইক টেক্সী সেৱা।
খানাপাৰাৰ খেলপথাৰৰ সন্মুখৰ ৱাকিং জ'নত এই ৰেপিড' সেৱাৰ শুভাৰম্ভণি কৰে শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।
এই ৰেপিড' সেৱাৰ শুভাৰম্ভণি কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ৰেপিড'ৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে হেলমেট ব্যৱহাৰৰ ক্ষেত্ৰত কোনোধৰণৰ শিথিলতা নানিবৰ বাবে আহ্বান জনায়।
তাৎপৰ্যপূৰ্ণ কথা যে, বাইক ৰাইডাৰ্ছে হেলমেট ব্যৱহাৰ নকৰিলে তথা বাইকত যাত্ৰা কৰা যাত্ৰীক যদি হেলমেট যোগান ধৰিব নোৱাৰে তেন্তে সেই ৰাইডাৰ্ছৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰি দিয়া হ'ব বুলি সকীয়াই দিয়ে মন্ত্ৰী ভট্টাচাৰ্য্যই।
ইপিনে, অ’লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব মহানগৰ বাসীয়ে।
বাইকৰ দ্বাৰা উপলব্ধ হ’বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।
ইয়াৰোপৰি, অসমত দ্বৈত হেলমেটৰ সুবিধাটো বৰ্তমানলৈকে হৈ উঠা নাই। গতিকে এক সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড’ই পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰিছে। বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড’ই একোটাকৈ হেলমেটৰো ব্যৱস্থা কৰিছে বুলি সিদ্ধাৰ্থ সোণোৱালে জানিবলৈ দিয়ে।
আনহাতে, খুব কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সোণোৱালে কয়, ‘দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিল’মিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব।‘
ইপিনে, প্ৰথম অৱস্থাত ১০০ খন বাইকেৰে এই সেৱা আৰম্ভ কৰিব ৰেপিড'ই। এই সংখ্যা ৫০০ লৈ বঢ়োৱাৰ চিন্তা ৰেপিড'ৰ।
ৰেপিড' সেৱাই গুৱাহাটী মহানগৰীত যান-যতৰ সমস্যাও বহু পৰিমাণে কমাব বুলি আশা কৰিছে সচেতন মহলে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি