গৃহভূমিত ভৰি থলেহি মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাই । বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত ইউৰোপত অনুষ্ঠিত হোৱা WFF আৰু WBBF প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা অসম সন্তান গোলাপ ৰাভা ।
বহু কেইটা সংগঠনে ধৰি অনুৰাগী সকলে বিমান বন্দৰত বিপুল আদৰণি জনালে গোলাপ ৰাভাক । WFF আৰু WBBFয়ে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰিছিল অসম সন্তান গোলাপ ৰাভাই ।
২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিছিল গোলাপ ৰাভাই । ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া খিতাপ আৰু ২০১৮ বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপ দখল কৰিছিল বকোৰ কালিয়াবড়ীৰ গোলাপ ৰাভাই ।