Begin typing your search above and press return to search.

গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিচাৰিলে ভাৰত-বাংলাদেশ সীমান্তৰ বেৰৰ তথ্য

গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিচাৰিলে ভাৰত-বাংলাদেশ সীমান্তৰ বেৰৰ তথ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2018 7:34 AM GMT

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে শুক্ৰবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ কাটা তাৰৰ বেৰৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে যাবতীয় তথ্য বিছাৰিলে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙেৰে হোৱা বৈঠকত নদী অঞ্চলৰ সীমান্তৰ বেৰৰ প্ৰযুক্তিগত উন্নয়নৰ কথা আৰু আধুনিক সীমান্ত বেৰৰ প্ৰসংগও উল্লেখ কৰা বুলি কয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সীমা সুৰক্ষা বলৰ সকলো বিভাগীয় প্ৰতিনিধিৰ পৰা সীমান্তৰ বেৰৰ সামগ্ৰিক উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে খাতিয়ান বিছাৰে। অহা মাহত ৰাজনাথ সিঙে ভাৰত-বাংলাদেশ সীমান্ত সম্বন্ধে পৰ্য্যালোচনা কৰিব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৈঠকৰ অন্তত প্ৰকাশ কৰে। বৈঠকত সীমান্তৰ পহৰা আৰু সীমান্তৰ পথ উন্নয়ণ, ভাৰত-ভূটান সীমান্ত, আন্তঃ ৰাজ্যিক সীমান্তৰ পথ উন্নয়ণৰ প্ৰসংগতো বিশদ ভাবে চৰ্চা কৰা হয়। আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰসংগও বৈঠকত ঠাই পায়। সোনোৱালে ইতিমধ্যে আৰক্ষীৰ আধুনিকীকৰণৰ ক্ষেত্ৰত চৰকাৰে কাম কৰি আছে বুলি কয়।

মুখ্যমন্ত্ৰী সণোৱালে বিজেপিৰ কাৰ্য্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থাও উন্নত হোৱা বুলি কয় আৰু ৰাজনাথ সিঙৰ সৈতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভতো আলোচনা কৰে বুলি সাংবাদিকক জানিব দিয়ে। সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত অসমৰ জনসাধাৰণে কৰা সহযোগিতাৰ বাবেও সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি