Begin typing your search above and press return to search.

গোলাঘাটত নিৰ্বাচন সম্পৰ্কীয় সভা

গোলাঘাটত নিৰ্বাচন সম্পৰ্কীয় সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 11:17 AM GMT

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ শনিবাৰে গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় এক আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাখনত নিৰ্বাচনী নিৰীক্ষক ভূপেশ চন্দ্ৰ দাস,সঞ্চালক হানিফ নুৰানীৰ উপস্থিতিত অনাগত ৫ আৰু ৯ ডিচেম্বৰত হ’ব লগা পঞ্চায়ত নিৰ্বাচন প্ৰসংগত আলোচনা কৰা হয়। লগতে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ ব্ৰুোথাই পঞ্চায়ত নিৰ্বাচনৰ নিৰীক্ষক সকলক নিৰ্বাচনৰ কাৰণে সাজু হ’বলৈ কয় ৷ লগতে গোলাঘাট জিলাৰ প্ৰশাসনেও জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰাৰ কাৰণে ব্যৱস্থা কৰে ৷অন্যহাতে, নিৰ্বাচন নিৰীক্ষক ভূপেশ চন্দ্ৰ দাসে শুক্ৰবাৰে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে,৫ আৰু ৯ ডিচেম্বৰত হ’ব লগা নিৰ্বাচনৰ কাৰণে সাজু হৈছে দলসমূহ ৷ সম্প্ৰতি পঞ্চায়ত নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় তাৰ কাৰণে সাজু হৈছে গোলাঘাটৰ লগতে ৰাজ্যৰ অন্যান্য জিলাসমূহ ৷

অধিক খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি

Next Story