Begin typing your search above and press return to search.

গোলাঘাটত বিষাক্ত সুৰা পান কৰি প্ৰায় ২২ জনৰ মৃত্যু

গোলাঘাটত বিষাক্ত সুৰা পান কৰি প্ৰায় ২২  জনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2019 11:35 AM GMT

গোলাঘাটৰ শালমৰা চাহ বাগিছাত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২২ জনলৈ বৃদ্ধি হৈছে ।বৃহস্পতি বাৰে সুৰা পান কৰাৰ পাছৰে পৰা অসুস্থ হৈ পৰে লোককেইজন । প্ৰাপ্ত তথ্য অনুসৰি ৫০ জনতকৈও অধিক লোকক শালমৰা চাহ বাগিছা প্ৰাথমিক হস্পিতালৰ পৰা যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।

এই ঘটনাই সমগ্ৰ চাহ বাগিছা খনত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । মৃত্যু হোৱা ২২ জনৰ ভিতৰত ৯ জনক চিনাক্ত কৰা হৈছে। তেওলোকৰ নাম সমূহ ক্ৰমে দ্ৰৌপদী ওৰাং, বেল ভূমিজ, অগ্নি গোৱালা,বন্ধিন বাওৰি, শান্তি পুজৰ, বিনতি ভক্তা, দুলাল ওৰাং, শুকলাল পুজৰ, অতুৱা পুজৰ ।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ২ জন লোকক আটক কৰিছে শুকুৰবাৰে লগতে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে বুলি আবকাৰী বিষয়াই জনাইছে । মৃত্যু হোৱা সকলৰ ভিতৰত কেইবাগৰাকী মহিলাও আছে । ঘটনাটো তদন্তৰ বাবে আবকাৰী বিভাগে তৎক্ষনিক অনুসন্ধান আৰম্ভ কৰিছে ।অসম চৰকাৰে তদন্তৰ ঘোষণা কৰিছে।

গোলাঘাটৰ সহ স্বাস্থ্য সঞ্চালক ড' ৰাতুল বৰদলৈয়ে জনাই যে 'শালমৰা চাহ বাগিছাৰ ঘটনাত অসুস্থ বহু লোকক বৰ্তমান যোৰহাট মেডিকেল কলেজ আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰয়োজনীয় সকলো খিনি চিকিৎসা প্ৰদান কৰি থকা হৈছে । ১৩ জন মৃত্যু হৈছে আৰু ৩৮ জন চিকিৎসাৰ বাবে মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে" বুলি প্ৰকাশ কৰে ।

শেহতীয়া তথ্য মতে বৰ্তমানলৈকে ২২ জন লোকৰ মৃত্যু হৈছে আৰু ৫০ জনতকৈও অধিক চিকিৎসাধীন হৈ আছে।

Next Story
চাকৰি