Begin typing your search above and press return to search.

গোলাঘাটত মদমুক্ত অসম দাবী সমিতিৰ তীব্ৰ প্ৰতিবাদ

গোলাঘাটত মদমুক্ত অসম দাবী সমিতিৰ তীব্ৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 9:24 AM GMT

গোলাঘাট সমষ্টিৰ ৱাটিঙত শ শ পুৰুষ মহিলাৰ অংশগ্ৰহণেৰে এখন সুৰামুক্ত অসমৰ দাবীত শোভাযাত্ৰাৰ আৰু প্ৰতিবাদী সভাৰ অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিবাদ সাৱস্থ্য কৰে ৷ প্ৰথমে ৱাটিং ৰেল ষ্টেচনৰ প্ৰাঙ্গনত ৰাণা চাওৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা।

সুৰাবিৰোধী সভাখনত মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীন দাসে উদাক্ত ভাষনেৰে সুৰামুক্ত অসমৰ বাবে ৰণৰ সাজেৰে সচেতন ৰাইজক ৰাজপথলৈ উলাই আহিবলৈ সকলোকে আহ্বান জনাই ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে অসমৰ ভূমিপুত্ৰ , খিলঞ্জীয়া অসমীয়া লোক সকলক বৰ্তমান চৰকাৰী ব্যৱস্থাটোৱে মদ আৰু নিচাযুক্ত দ্ৰৱ্য খোৱাই হত্যা কৰি হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীৰ ভোটেৰে আজীৱন ক্ষমতাত থকাৰ ষড়যন্ত্ৰৰে জাতিটোক নিশেষ কৰিবলৈ আগবাঢ়িছে ৷

এনে জাতিধ্বংসী কাৰ্যৰ বাবে জাতি বৰ্ণ নিৰ্বিশেষে যুদ্ধলৈ ওলাই নাহিলে এদিন সকলো নিশেষ হৈ অসমীয়াৰ মৰিশালীৰ উপৰত কান্দোনৰ ৰুল উঠিব ৷ সুৰামুক্ত অসমৰ স্বাৰ্থত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে মদমুক্ত অসম দাবী সমিতিয়ে।

Next Story
চাকৰি