গোলাঘাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত বিয়াগোম দুৰ্নীতি

গোলাঘাট জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দেৰগাওঁ উপ-সংমণ্ডলৰ বাদুলিপাৰ পানী যোগান আচঁনিখনত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ ২০১২ চনতে স্থাপন কৰা পানীযোগান আচঁনিখন বিকল হৈ থকাৰ ফলত স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা আজিও বঞ্চিত হৈ থাকিব লগা হৈছে ৷
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে কাণ্ডৰ বিৰুদ্ধে উলাই আহিল বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থা ৷ বিভাগীয় কতৃপক্ষ আৰু ৰাজনৈতিক কাৰণত এইদৰে সম্পূৰ্ণ হোৱাৰ পিছতো এখন আচঁনি সম্পূৰ্ণ হোৱাৰ পিছতো আজিপৰ্য্যন্ত মুকলি নহ’ল ৷ ইফালে নদীৰ পৰা যিখন নাও পানী উঠাবলৈ ব্যৱহাৰ কৰিছিল সেইখন নাও টলী ফুটাৰ ফলত নাওঁখন বিভাগটোৱে লৈ যায় ৷
কেইবাখনো গাওঁ সামৰি ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা অসুবিধা নাপাবলৈ এই আচঁনিখন ৰূপায়ন কৰিছিল যদিও আজিপৰ্য্যন্ত সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ আনহাতে অতি শীঘ্ৰে যদি বিভাগটোৱে আচঁনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেতিয়া বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাই জংগী আন্দোলনৰ হুংকাৰ দিয়ে ৷