Begin typing your search above and press return to search.

গোলাঘাটৰ পেডমেন চিনেমাৰ আদৰ্শৰে অনুপ্ৰাণিত এখন গাওঁ

গোলাঘাটৰ পেডমেন চিনেমাৰ আদৰ্শৰে অনুপ্ৰাণিত এখন গাওঁ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Oct 2018 12:04 PM GMT

বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ অভিনীত পেডমেন চিনেমাৰ আদৰ্শৰে অনুপ্ৰাণিত এখন গাওঁ ৷ গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলী হাবিছোৱা গাওঁৰ একাংশ মহিলাই চেনিটেৰী নেপকিন প্ৰস্তুত কৰি গাওঁখনৰ মহিলাসকলে বাছি উলিয়াইছে স্বাৱলম্বিতাৰ পথ ৷ গাওঁখনৰ শিৰোমনি নামৰ এটা মহিলা গ্ৰাম্য মহিলা সংগঠনে দিনে নিশাই প্ৰস্তুত কৰিছে চেনিটেৰী নেপকিন ৷

গোলাঘাট জিলাৰ গ্ৰাম্য উন্নয়ন অভিকৰনৰ অধীনত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান আচঁনিৰ অন্তৰ্গত ক্ষুদ্ৰ উদ্যোগটো স্থাপন কৰে গাওঁখনৰ মহিলাসকলে ৷ ৭ লাখ টকা মুলধনেৰে এই ক্ষুদ্ৰ উদ্যোগটো গঢ়ি তুলিছে গাওঁখনৰ মহিলাসকলে ৷ এটা প্ৰায় ডেৰ লাখ টকীয়া যন্ত্ৰ ক্ৰয় কৰি আৰু প্ৰায় ডেৰ লাখ টকাৰ কেঁচা সামগ্ৰী ক্ৰয় কৰি এই উদ্যোগটো আৰম্ভ কৰিছে ৷ সাধাৰণতে ৰাজ্যৰ বাহিৰৰ পৰা অহা চেনিটেৰী নেপকিনৰ বিপৰীতে গোলাঘাটৰ বজাৰত উপলব্ধ স্থানীয় চেনিটেৰী নেপকিন ৷

উল্লেখ্য যে শণিবাৰে চিনাতলী গাওঁৰ মহিলাসকলৰ এই ক্ষুদ্ৰ উদ্যোগটো আনুস্থানিকভাবে শুভ উদ্বোধন কৰে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ আচঁনিৰ ৰাজ্যিক সঞ্চালিকা মন্দিতা হাজৰিকাই ৷ অনুস্থানত উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ ব্ৰোথা, অতিৰিক্ত উপায়ুক্ত উৎপল দলে, পেডমেন অৱ আসাম খ্যাত নয়ন শইকীয়া ৷ গাওঁখনৰ মহিলাসকলৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লোৱাৰ উপৰিও সকলো মহিলাক এইদৰে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায় ৷

Next Story
চাকৰি