Begin typing your search above and press return to search.

গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ ন্যায়িক তদন্ত হ’ব লাগেঃসদৌ অসম ছাত্ৰ সন্থা

গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ ন্যায়িক তদন্ত হ’ব লাগেঃসদৌ অসম ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Feb 2019 7:41 AM GMT

ৰাজ্যৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাও (AASU) গোলাঘাটৰ বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা ঘটনাৰ সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্য জনক লগতে মৰ্মান্তিক আখ্যা দি কয় যে,সমগ্ৰ ঘটনাটোৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰিষ্ঠ অধিবক্তা সকলৰ দ্বাৰা কৰিব লাগে ৷সমগ্ৰ ঘটনাৰ তদন্ত এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত হ’ব লাগে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে যৌথ ভাৱে স্বাক্ষৰিত এখন বিজ্ঞপ্তিত বিভাগীয় লোকসকলৰ মাজত এই ক্ষেত্ৰত সমন্বয়ৰ অভাৱ লগতে ভষ্টাচাৰে দেখা দিছে বুলি মন্তব্য কৰে ৷ লগতে অবৈধ সুৰা মুকলিকৈ বিক্ৰী,চৰকাৰৰ বিফলতাৰ কাৰণে সংঘটিত হৈছে বুলি উল্লেখ কৰিছে ৷

উল্লেখ্য যে, ছাত্ৰ সংগঠনটোৱে এই সমগ্ৰ ঘটনাৰ লগত জড়িত লোকসকলক উচিত শাস্তি দিয়াৰ কাৰণে দাবী জনায় । অন্যহাতে , সদৌ অসম ছাত্ৰ সন্থাই সম্প্ৰতি চিকিৎসাধীন হৈ থকা লোকসকলৰ কাৰণে উপযুক্ত চিকিৎসাৰো দাবী কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি