Begin typing your search above and press return to search.

গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিলে মনিষা বৰাই

গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিলে মনিষা বৰাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2019 8:33 AM GMT

গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ৰ ছাত্ৰী মনিষা বৰাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নৱম স্থানেৰে বিদ্যালয়খনৰ লগতে জিলা খনলৈ সুনাম কঢ়িয়াই আনিছে। সংবাদমাধ্যমৰ লগত মত বিনিময় কৰি মনিষা বৰাই কয় যে অধ্যয়নৰ প্ৰতি থকা একাগ্ৰতা আৰু প্ৰচুৰ অধ্যৱসায়ে সফলতা কঢ়িয়াই আনে ৷

লগতে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ কথাও উল্লেখ কৰে মনিষা বৰাই । গোলাঘাট জিলাৰ আঠ গাঁৱৰ বাসিন্দা স্বৰ্গীয় অতুল বৰা আৰু মাতৃ জ্যোতি বৰাৰ জীয়ৰী মনিষা ৷শনিবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মনিষাই ৫০০ নম্বৰৰ ভিতৰত ৪৬৬ নম্বৰ লাভ কৰে ৷ তেওঁ অসমীয়াত ৮৭,ইংৰাজীত ৮৮ ,ৰাজনীতি বিজ্ঞানত ৯৮,সমাজশাস্ত্ৰত ৯৭,ইতিহাসত ৯৬ আৰু ভূগোলত লাভ কৰে ৮৩ শতাংশ নম্বৰ ৷

মনিষাই সমাজশাস্ত্ৰত ৯৭ শতাংশ সৰ্বোচ্চ নম্বৰেৰে সুনাম কঢ়িয়াই আনে ৷অন্যহাতে, এক বিশেষ তথ্য অনুসৰি জিলাখনত চলিত বৰ্ষত কলা শাখাত ৬২৮১ জন,বাণিজ্য শাখাত ৪৩২ জন আৰু বিজ্ঞান শাখাত ৭৭৩ জনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ জিলা খনত উত্তীৰ্ণ হাৰ ৭৬ শতাংশ ।ইয়াৰে কলা শাখাত উত্তীৰ্ণ হাৰ ৮২ শতাংশ,বানিজ্য শাখাত ৭৯.৮৬ শতাংশ আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ হয় ৮৬.৫৫ শতাংশ ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি