Begin typing your search above and press return to search.

গ্ৰাম্য বিজ্ঞান মেলাৰ সামৰনি

গ্ৰাম্য বিজ্ঞান মেলাৰ সামৰনি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2018 11:21 AM GMT

ডিমৌ শাখাৰ অসম বিজ্ঞান চোচাইটিয়ে দুদিনীয়া কাৰ্য্যসূচীৰে আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰাম্য বিজ্ঞান মেলাৰ আয়োজন কৰে।প্ৰথম দিনা খনৰ কাৰ্য্যসূচীত উপস্থিত ভাষন,বিজ্ঞান প্ৰদৰ্শনী আৰু কুইজ প্ৰতিযোগিতা পতা হৈছিল।অনুষ্ঠান খনৰ শুভ উদ্ধোধনী কৰে শিৱসাগৰৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক আব্দুল জেলিলে।

দ্বিতীয় দিনা খন গছ পুলি ৰোপন,অনাহকত মানুহে আইন হাতত তুলি লৈ মাৰধৰ কৰা আদিৰ দৰে কৰ্ম সমূহক ৰোধ কৰিবলৈ চাইকেল ৰেলী আৰু বাটৰ নাট প্ৰৰ্দশন কৰে।সজাগতা সভাৰ আয়োজন কৰে ডিমৌৰ অসম বিজ্ঞান চোচাইটিৰ সভাপতি ঘনকান্ত গগৈয়ে।সভা খনত ডিমৌ ৰাজহ চক্ৰৰ বিষয়া মনোৱাৰা মৰাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

Next Story
চাকৰি