Begin typing your search above and press return to search.

ঘাইপথত অ'ভাৰলোডিং ট্ৰাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ চৰকাৰক: গুৱাহাটী উচ্চ ন্যায়ালয়

ঘাইপথত অভাৰলোডিং ট্ৰাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ চৰকাৰক: গুৱাহাটী উচ্চ ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2019 7:23 AM GMT

ঘাইপথত চলাচল কৰা অ'ভাৰলোডিং ট্ৰাকৰ অথবা অবৈধ সা-সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

নিৰ্ধাৰিত পৰিমাণতকৈ অধিক সা-সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ পৰিবহন ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক জুলাই মাহৰ ভিতৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

দুখন আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা শুনানিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এচ বোপান্না আৰু ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অসহায় স্বীকাৰ উক্তিত ক্ষুদ্ধ হৈ পৰে। এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ঘাইপথ সমুহত চলা অ'ভাৰলোডিং বাহন সমূহৰ ক্ষেত্ৰত, বিশেষকৈ অসম আৰু মিজোৰাম সংযোগী ২০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলা অবৈধ অ'ভাৰলোডিং ট্ৰাক সমুহৰ বিৰুদ্ধে চৰকাৰক ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ অবাধ হাৰত অ'ভাৰলোডিং ট্ৰাকৰ চলাচল অব্যাহত থকা ঘটনাক লৈ শিলচৰ ট্ৰাক মালিক সন্থায়ে উচ্চ ন্যায়ালয়ত ৬৩|২০১৮ এখন আবেদন দাখিল কৰিছিল । বিশেষকৈ আবেদন খনত অসম-মেঘালয় যোগাযোগ স্থাপন কৰা ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কথা উল্লেখ কৰা হৈছিল । লগতে উল্লেখ কৰে যে কাছাৰৰ লিলাপুৰত (ধলাই) ট্ৰাকসমুহ পৰীক্ষাৰ বাবে এখন ৱে-ব্ৰীজ স্থাপন কৰা হৈছিল । কিন্তু এই ৱে ব্ৰীজ খন বহু দিন ধৰি অকামিলা হৈ থকাৰ বাবে অ'ভাৰলোডিং ট্ৰাক আৰু অন্যান্য অবৈধ সামগ্ৰী ভৰ্তি ট্ৰাক সমুহ চলাচল কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে।

গুৱাহাটীৰ খ্ৰীষ্টানবস্তীৰ নিবাসী তাহেৰ আহমেদ চৌধৰীয়ে দাখিল কৰা আন এখন আবেদনত আইন ভংগ কৰি অবাধে অবৈধ অ'ভাৰলোডিং ট্ৰাক চলাচল অব্যাহত আছে বুলি প্ৰকাশ কৰে। ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত হাইলাকান্দি আৰু গুৱাহাটীৰ ঘাইপথত অ'ভাৰলোডিং ট্ৰাক চলাচল অব্যাহত আছে বুলি প্ৰকাশ কৰে। ১৯৮৮ চনৰ মটৰ পৰিবহন আইন উলংঘা কথা উন্মোচিত হয় শুনানিত ।

আবেদন খনৰ ভিত্তিত জিলা পৰিবহন বিষয়া য়ে এখন অতিৰিক্ত এফিডেফিট দাখিল কৰিছিল যত উল্লেখ আছে ৱে ব্ৰীজৰ অকামিলা আৰু ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো চেক পইন্ট নথকাৰ কথা । ১৯৮৮ চনৰ মটৰ পৰিবহন আইন আৰু ২০০৩ চনৰ অসম মটৰ পৰিবহন নীতি উলংঘাৰ অসহায় স্বীকাৰ উক্তি দিয়ে ন্যায়ালয়ৰ মজিয়াত ।উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এচ বোপান্না আৰু ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যৰ মুখ্য সচিবক অ'ভাৰলোডিং ট্ৰাকৰ চলাচল ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি