Begin typing your search above and press return to search.

চণ্ডীগড়ত কটন বিশ্ববিদ্যালয়ৰ সাফল্য

চণ্ডীগড়ত কটন বিশ্ববিদ্যালয়ৰ সাফল্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Feb 2019 11:46 AM GMT

পাঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৪তম ৰাষ্ট্ৰীয় আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত জিলিকি উঠিল কটন বিশ্ববিদ্যালয়। কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক মুক্তিকাম হাজৰিকাৰ তত্ত্বাৱধানত যোৱা ২৭ জনীয়া দলটোৱে অংশগ্ৰহণ কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ৷

২০১৯ বৰ্ষৰ বিগত ১ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৩৪ তম ৰাষ্ট্ৰীয় আন্ত মহাবিদ্যালয় যুৱ মহোৎসৱত, কটন বিশ্ববিদ্যালয়ৰ দলটোৱে বিভিন্ন অনুষ্ঠানত অংশ লৈ ক্ৰমে সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ উপৰিও লোকনৃত্যত তৃতীয় পুৰস্কাৰ, লোকবাদ্যযন্ত্ৰ আৰু একক পাশ্চাত্য সংগীতত চতুৰ্থ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । ইফালে, এছ'চিয়েচন অৱ ইণ্ডিয়ান ইউনিভাৰছিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱত ভাৰতবৰ্ষৰ ১০০ ৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে,কটন বিশ্ব বিদ্যালয়ৰ এই সাফল্যৰ পিছতে আন এক সাফল্যই বিশ্ববিদ্যালয়খনলৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা ৷কিছুদিন পূৰ্বে, ৩ ৰ পৰা ৭ জানুৱাৰী ২০১৯ অত ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ইষ্ট জ'ন আন্তুঃ বিশ্ববিদ্যালয় মহোৎসৱত কটন বিশ্ববিদ্যালয়ে সাহিত্য বিভাগত শ্ৰেষ্ঠ বটাঁ লাভ কৰিবলৈ সক্ষম হয়৷ লোকনৃত্য প্ৰতিযোগিতাত বিহু হুচৰি পৰিৱেশন কৰি প্ৰথম পুৰস্কাৰ অৰ্জন কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি