চলিত বৰ্ষত বি টাউন চেলীব্ৰেটীৰ কাৰোবাৰ যদি বিবাহ: কাৰোবাৰ ব্ৰেকআপ

২০১৮ বৰ্ষটো বলীউডৰ চেলীবেট্ৰী সকলৰ যুগ্ম জীৱনৰ আৰম্ভনি কাৰণে বিশেষভাৱে উল্লেখযোগ্য ৷ বি টাউনৰ বহু চেলিব্ৰেটীয়ে জীৱনৰ দ্বিতীয় ইংনিছ আৰম্ভি কৰিলে এই বৰ্ষতে ৷ তাৰ বিপৰীতে সৰু পৰ্দাৰ লগতে বলীউডৰ এনে বহু চেলীব্ৰেটী আছে যিসকলৰ বহু বছৰীয়া প্ৰেম অথবা বৈবাহৰ জীৱনৰ ইতি পৰে এই বৰ্ষতে ৷ চাওঁ আহক চলিত অৰ্থাৎ ২০১৮ বৰ্ষত ইতি পৰা সৰু পৰ্দাৰ লগতে বলীউডৰ কিছু চেলীব্ৰেটীৰ প্ৰেম অথবা বৈবাহিক জীৱন৷
নেহা কক্কৰ আৰু হিমাংশু কোহলীঃ
জনপ্ৰিয় বলীউড গায়িকা তথা সকলোৰে প্ৰিয় নেহা কক্কৰ আৰু অভিনেতা হিমাংশু কোহলীৰ ব্ৰেকআপৰ কথাই সচকিত কৰিছে দুয়োজনৰ অনুৰাগীকে। দুয়ো জনেই বিগত ৪ বছৰৰ পৰাই ইজনে সিজনৰ লগত প্ৰেমত সম্পৰ্কৰে বান্ধ খাই আছিল ৷ কিন্তু সম্প্ৰতি,বিশেষ সূত্ৰ অনুসৰি ব্ৰেকআপৰ পিছত মানসিক ভাৱে ভাগি পৰিছে নেহা কক্কৰ ৷ লগতে নেহা আৰু হিমাংশু কোহলীৰ সম্প্ৰতি কি কাৰণত ব্ৰেকআপ হ’ল জানিব পৰা হোৱা নাই ৷
জুহী পৰমাৰ আৰু সচীন শ্ৰফঃ
সৰু পৰ্দাৰ "কুমকুম"ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী জুহী পৰমাৰ আৰু জুহীৰ স্বামী তথা সৰু পৰ্দাৰ অভিনেতা সচীন শ্ৰফৰো বিবাহ বিচ্চেদ হয় এই বৰ্ষতে ৷ জুহী আৰু সচীন ২০০৯ বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ কিন্তু সম্পূৰ্ণ ৯ বছৰৰ পিছত দুয়োজন পৃথক হোৱাৰ সিদ্ধান্ত লয়।
মেহৰ জেছিয়া আৰু অৰ্জুন ৰামপালঃ
প্ৰায় ২০ বছৰৰ একেলগে থকাৰ পিছত অৰ্জুন ৰামপাল আৰু তেওঁৰ পত্নী মেহৰ জেছিয়াই পৃথক হোৱাৰ সিদ্ধান্ত লয়। কিন্তু দুয়োজনৰ মাজত বিচ্চেদৰ শেষ সিদ্ধান্ত হোৱা নাই যদিও,সম্প্ৰতি অৰ্জুনক দেখা গৈছে গাৰ্লফেণ্ড গ্ৰেবিএলা ডেমীত্ৰিয়েডছৰ লগত ৷
মচাৱা গুপ্তা আৰু মধু মন্তেনাঃ
ফেশ্বন ডিজাইনাৰ মচাৱা গুপ্তা আৰু স্বামী মধু মন্তেনাই বৈবাহিক জীৱনৰ ইতি পেলালে এই বৰ্ষতে ৷ মচাৱা গুপ্তাই স্বামী মধু মন্তেনাৰ লগতে পৃথক হোৱাৰ সিদ্ধান্তৰ কথা ছ’চিয়েল মিডিয়াত এটি আৱেগিক পোষ্ট দিয়ে ৷ লগতে পোষ্টটোত লিখে যে,বহুত দুখেৰে জনাও যে,মই আৰু মন্তেনাই পৃথক হোৱাৰ সিদ্ধান্ত ল’লো । পৰিয়ালৰ লগতে আইন কানুনৰ দ্বাৰা আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো ৷ উল্লেখ্য যে,দুয়ো জনৰ বিয়া তিনিবছৰহে হৈছিল ৷
সুগন্ধা গাৰ্গ আৰু ৰঘু ৰামঃ
ৰ’ডিজ ষ্টাৰ ৰঘু ৰাম আৰু অভিনেত্ৰী সুগন্ধা গাৰ্গ বিয়াৰ প্ৰায় ১২ বছৰৰ পিছত পৃথক হয়৷ দুয়োজনৰে বিবাহ বিচ্ছেদো হৈ গৈছে ৷ ইফালে ৰঘু ৰামে গাৰ্লফেণ্ড নতালী ডি লুছীয়োৰ লগত ১২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈ যায় ৷
এলী অবৰাম আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াঃ
অভিনেত্ৰী এলী অবৰাম আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ প্ৰেমৰ কাহিনীও সকলোৰে মুখে মুখে ৷ দুয়ো জনকে একেলগে বহুবাৰ দেখা গৈছে ৷ কিন্তু দুয়োজনে ইজনে সিজনৰ প্ৰতি থকা সম্পৰ্কৰ কথাত কেতিয়াও মানি লোৱা নাছিল ৷ সম্প্ৰতি দুয়ো জনৰ প্ৰেমৰ সম্পৰ্কত ইতি পৰে ৷ ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই সম্প্ৰতি অভিনেত্ৰী ইশা গুপ্তাক ডেট কৰি আছে ৷
য়ামী গৌতম আৰু পুলকিত সম্ৰাটঃ
ফেয়াৰ এণ্ড লভলী গাৰ্ল য়ামী গৌতম আৰু পুলকিত সম্ৰাটৰ প্ৰেমৰ কাহিনী সকলোৰে মুখে মুখে ৷ বিবাহিত হৈয়ো য়ামীৰ প্ৰেমৰ হাবুডুবু খাইছিল পুলকিত সম্ৰাটে৷ কিন্তু এই বৰ্ষতে দুয়োজনৰ প্ৰেমৰ সম্পৰ্কত যতি পৰে ৷ মাতৃয়ে য়ামীক কেৰিয়াৰৰ ওপৰত অধিক ধ্যান দিবৰ কাৰণে উপদেশ দিয়ে ৷ উল্লেখ্য যে,পুলকিত সম্ৰাটে চলমান খানৰ ৰাখী সম্পৰ্কিত ভন্টি শ্ৰেতা ৰোহিৰাৰ লগত ২০১৪ চনত বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু সম্প্ৰতি দুয়ো পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লয়।
ব্লাড ষ্টেন্সু আৰু চ’ফিয়া হায়াতঃ
চ’ফিয়া আৰু ব্লাডে বিবাহৰ পিছত মাত্ৰ এবছৰৰ পিছতে পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লয় । দুয়ো জনে ২০১৭ বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈ ২০১৮ চনত পৃথক হোৱাৰ সিদ্ধান্ত লয় । উল্লেখ্য যে চ’ফিয়াই স্বামী ব্লাট ষ্টেন্সুৰ ওপৰত ঘৰত চুৰি কৰাৰ অপৰাধত ঘৰৰ পৰা বাহিৰ কৰি দিয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন