চলিত বৰ্ষটো সুশান্ত সিঙ ৰাজপুতৰ কাৰণে হ’ব বিশেষভাৱে উল্লেখ্য৷সম্প্ৰতি বি টাউনত গুঞ্জৰিত হৈছে কেৱল এটা নামেই ৷ সেয়া হৈছে সুশান্ত সিং ৰাজপুত । বিগত বৰ্ষত সুশান্তৰ ছবিয়ে বক্স অফিচত সফলতা লাভ কৰিব নোৱাৰিলেও কিন্তু এই বৰ্ষত সুশান্তৰ পাঁচখন ছবি আহিব দৰ্শকক আমোদ দিবলৈ ।সুশান্তৰ চলিত বৰ্ষত মুক্তি পাব লগা ছবি কেইখনৰ প্ৰথমখন হৈছে "সুন চিৰিয়া" ৷ সুশান্ত আৰু ভূমি পাণ্ডনেকৰ একেলগে প্ৰথমবাৰৰ কাৰণে এই ছবিখনত অভিনয় কৰিছে ।১৯৭৯ চনৰ চৱলৰ পৃষ্ঠভূমিত "সুন চিৰিয়ো"ছবিখন নিৰ্মাণ কৰা হৈছে ।ছবি খন নিৰ্দেশনা কৰিছে অভিষেক চোৱে ৷
উল্লেখ্য যে অভিষেক চোৱেই "ওৰতা পাঞ্জাৱ," "ড়েৰ ইক্সিয়া", আদি ছবি নিৰ্দেশন কৰিছে। দ্বিতীয় খন ছবি হৈছে "কিজী আৰু মোনী" ৷ হলীউডৰ "দ্য ফ্লাইট ইন আৱাৰ ষ্টাৰ্ছ" ছবিখনৰ ৰিমেক কিজী আৰু মোনীত অভিনয় কৰিব সুশান্ত সিং ৰাজপুত আৰু নৱাগত অভিনেত্ৰী সঞ্জনা সান্ধীয়ে। ছবি প্ৰযোজনা কৰিব মুকেশ ছাৱড়াই ৷ গতিকে এই ছবিখনৰ কাৰণে অত্যন্ত উৎসুক সুশান্ত ৷
তৃতীয়খন ছবি হৈছে "ড্ৰাইভ "৷ ছবিখনত অভিনয় কৰিছে সুশান্ত আৰু জেকলিন ফানাণ্ডেজে ।ছবিখনে মুক্তি পাব ২৮ জুনত ৷ ধৰ্মা প্ৰডাকছনৰ এই ছবিখন বিগত বৰ্ষতেই মুক্তি দিয়াৰ কথা আছিল যদিও বিশেষ কাৰণত চলিত বৰ্ষতহে মুক্তি দিব ৷চতুৰ্থখন ছবি হৈছে "ছিছোৰে"৷ প্ৰসিদ্ধ ছুপাৰহিট ছবি ’দঙ্গল"ৰ নিৰ্দেশক নিতেশ তিৱাৰীৰ ছবি "ছিছোৰে"ত সুশান্ত সিঙ ৰাজপুতৰ লগত অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰ,বৰুণ শৰ্মা,প্ৰতীক বাব্বৰ ,তাহিৰ ৰাজ ভসিনে ৷ছবি খনে মুক্তি লাভ কৰিব ৩০ আগষ্টত ৷ পঞ্চম খন ছবি হৈছে "তকড়ম"৷ এই ছবিখনত সুশান্তৰ লগত অভিনয় কৰিব পৰিনীতি চোপ্ৰাই । হোমী অদজানিয়াৰ নিৰ্দেশনাৰে নিৰ্মিত হ’ব লগীয়া ছবিখনত পৰিণীতি আৰু সুশান্তে দ্বিতীয় বাৰৰ কাৰণে অভিনয় কৰিব ।
ইয়াৰ পূৰ্বে সুশান্ত আৰু পৰিনীতিয়ে "শুদ্ধ দেশী ৰোমান্স"ত অভিনয় কৰিছিল ৷ইয়াৰোপৰি সুশান্ত সিং ৰাজপুতৰ লগতে চলিত বৰ্ষত ৰাজ কুমাৰ ৰাওৰ "মেন্টল হ্যে কিয়া","এক লড়কী কো দেখা ট’ এছা লগা" এই দুয়োখন ছবি মুক্তি পাব ৷ ইফালে আয়ুষ্মান খোৰানাৰ ছবি "ড্ৰীম গাৰ্ল মুক্তি পাব এই বৰ্ষতে ৷ ছলমান খানৰ বহু চৰ্চিত ছবি "ভাৰত " আৰু টাইগাৰ শ্ৰফৰ ষ্টুডেণ্ড অব দ্য ইয়েৰ-২ আহিব চলিত বৰ্ষৰ ২৩ নৱেম্বৰত ৷ মুঠতে চলিত বৰ্ষটো চলচ্চিত্ৰ প্ৰেমীসকলৰ কাৰণে হ’ব বিশেষভাৱে উল্লেখ্য ৷ বিশেষকৈ সুশান্ত সিং ৰাজপুত কাৰণে ৷ কিন্তু সুশান্তৰ ছবিসমূহ মুক্তি পোৱাৰ পিছতহে জানিম ছবি সমূহ হিট নে ছুপাৰহিট ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন