Begin typing your search above and press return to search.

চাওলুং চ্যুকাফাৰ আদৰ্শক সৰোগত কৰি আগবাঢ়ি যাওক : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

চাওলুং চ্যুকাফাৰ আদৰ্শক সৰোগত কৰি আগবাঢ়ি যাওক : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 7:03 AM GMT

বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীসকলক বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰাৰ বাবে স্বৰ্গ দেও চুকাফাই যি আদৰ্শ আগবঢ়াইছিল সেই আদৰ্শক সৰোগত কৰি একবিংশ শতিকাত বৰাক ব্ৰহ্মপুত্ৰ বাসীক একাকাৰ কৰি আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অসম দিৱসত এই মন্তব্য দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে এয়োদশ শতিকাতে চাওলুং চ্যুকাফাই বৰ অসম গঢ়াৰ লক্ষ্যৰে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৈপ্লৱিক পৰিৱৰ্তনৰ সপোন দেখিছিল। গতিকে ৰাজ্যখন পৰিচালনা কৰিবলৈ যাওঁতে স্বৰ্গদেওসকলৰ আশীৰ্বাদ ল’বই লাগিব৷ চাওলুং চ্যুকাফাই যি আদৰ্শৰে বিশ্বৰ বুকুত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াই গৈছিল ৷সেই পৰামৰ্শকে আজি অসমীয়া জাতিয়ে বুকুত বান্ধি লৈ একবিংশ শতিকাত অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ সমাজখন আগুৱাই নিয়াৰ চেষ্টা কৰিছে ৷

এই প্ৰসংগত বিজেপি চৰকাৰৰ "সবকা সাথ সবকা বিকাশ" প্ৰসংগ কথা উনুকিয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইফালে চ্যুকাফাৰ যি সমন্বয়ৰ বাণী সেই সম্পৰ্কে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে,চ্যুকাফাৰ সমন্বয়ৰ বাণী সকলোৱে উপলব্ধি কৰিব লাগিব৷এখন ৰাজ্য শক্তিশালী ৰূপে গঢ় দিবলৈ হ’লে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠী তথা ভাষা ভাষীলোকৰ মাজত থকা আন্তৰিকতা,মিলাপ্ৰীতি সকলো জীয়াই ৰাখিব লাগিব৷

অন্যহাতে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক অটুট ৰখাৰ ধাৰণা স্বৰ্গদেও চাওলুং চ্যুকাফাই দেখুৱাই যোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে৷ এই ধাৰণাক সৰোগত কৰিয়েই বৰ্তমান "এক্ট ইষ্ট প’লিচি"ৰ আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ লগতে কয় যে চ্যুকাফাই যোগাযোগ ব্যৱস্থাৰো প্ৰতিষ্ঠা কৰিছে ৷মাত্ৰ আমি বুদ্ধিমত্তাৰ পৰিচয় দি আমাৰ ৰাজ্যক বিকাশৰ দিশত আগুৱাই নিব লাগে ৷

অসমত শিক্ষিত মানুহ আছে গতিকে অন্ধবিশ্বাস অসূয়া অপ্ৰীতিসমূহৰ বিৰুদ্ধে থিয় দিবলৈও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷কাৰণ এখন শক্তিশালী দেশ বা ৰাজ্য তেতিয়াহে গঠন হ’ব যেতিয়া জাতি জনগোষ্ঠী আৰু বৰাক ব্ৰহ্মপুত্ৰ মাজত একতাৰ ভাৱে বিৰাজমান কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি