Begin typing your search above and press return to search.

চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সক্ৰিয় দিছপুৰ

চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সক্ৰিয় দিছপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2019 6:43 AM GMT

সৰ্ব সাধাৰণ মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা চিণ্ডিকেটৰাজৰ ক্ষেত্ৰত, শেহতীয়াকৈ দিছপুৰে সক্ৰিয় সিদ্ধান্তত উপনীত হৈছে ৷ এই সংক্ৰান্তত অসম আৰক্ষী,পৰিবহন,বন আৰু বিত্ত বিভাগৰ শীৰ্ষ অধিকাৰীসকলৰ মাজত বুধবাৰে এক উচ্চ স্তৰীয় বৈঠকত কয়লা,বালি,সাৰ আদিৰ ক্ষেত্ৰত চিণ্ডিকেট কৰাসকলৰ ক্ষেত্ৰত অতি শীঘ্ৰেই নিৰ্ণয় লোৱাৰ কাৰণে সিদ্ধান্ত লয় ৷ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকখনত সকলো শীৰ্ষ বিষয়াৰ উপস্থিত কয়লা,বালি,সাৰ আদি পৰিবহনৰ ক্ষেত্ৰত আলোচনা হয়।

কুমাৰ সঞ্জয় কৃষ্ণই মন্তব্য কৰে যে এনেধৰণৰ অবৈধ বেহাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিবৰ কাৰণে আৰক্ষী,পৰিবহন,বন আৰু বিত্ত বিভাগৰ দ্বাৰা দ্ৰুত আৰু কাৰ্যকৰী প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন। বৈঠকত উপস্থিত বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্হাই জিলাসমূহত সংঘটিত চিণ্ডিকেটৰ গতিবিধিৰ সম্পৰ্কে তদন্ত কৰে ৷ সমীৰ কুমাৰ সিন্হাই কয় যে জিলা কৰ্তৃপক্ষক এনে ধৰণৰ প্ৰতিবেদনৰ সম্পৰ্কে ৰাজ্যৰ বিভিন্ন স্তৰত তীক্ষ্ণ দৃষ্টি ৰখা প্ৰয়োজন ৷এই সন্দৰ্ভত এক বিশেষ চৰ্চা হোৱাৰ পিছত বৈঠকে ৰাজ্যত চিণ্ডিকেট ৰাজক দূৰীকৰণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত আৰক্ষী বিভাগ,পৰিবহন,বন আৰু বিত্ত বিভাগৰ কৰ্তৃপক্ষৰ আইনক উলংঘন কৰা সকলৰকাৰণে ফ্লাইং স্কোৱাড গঠনৰ কাৰণে নিৰ্ণয় লয়। যিয়ে কয়লা,বালি,সাৰ আদি অন্যান্য সামগ্ৰীৰ পৰিবহন কৰে ৷

এনে ধৰণৰ ফ্লাইং স্কোৱাডৰ গঠন বিশেষ ৰূপত তিনিচুকীয়া,শিৱসাগৰআৰু চৰাইদেও জিলাত কৰা হ’ব ৷ আৰু এই সকলো প্ৰতিবেদন জিলাৰ উপায়ুক্তই দিছপুৰত গৃহ আৰু ৰাজনৈতিক বিভাগক দিব। ইফালে উপায়ুক্তৰ দ্বাৰা চিণ্ডিকেটৰ বিৰুদ্ধে সকলো প্ৰতিবেদন তৈয়াৰ কৰাৰ উপৰিও, বৈঠক সিদ্ধান্ত গ্ৰহণ কৰাৰ হয় যে বিত্ত,বন,আৰক্ষী, পৰিবহন বিভাগ ৰাজ্য সকলো স্তৰত তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে জেষ্ঠ্য বিষয়াসকলক ৰাজনৈতিক বিভাগে অৰ্পণ কৰিব ৷ বৈঠকত এইটোও সিদ্ধান্ত লোৱা হয় যে বিত্ত, পৰিবহন আৰু বন বিভাগে অনাগত তিনি মাহত অন্য খনিজ পদাৰ্থৰ বাহিৰেও কয়লা,বালি,শিলৰ উলংঘনৰ ক্ষেত্ৰত এক প্ৰতিবেদন প্ৰস্তুত কৰিব ৷চিণ্ডিকেট ৰাজৰ কাৰণেই অসমত আৱশ্যকীয় বস্তু মূল্য আকাশলংঘী হৈ পৰিছে ৷ সম্প্ৰতি প্ৰশ্ন হৈছে বুধবাৰৰ চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে কৰা এই বৈঠকখনৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চিণ্ডিকেট ৰাজৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত ল’ব পাৰিবনে?

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি