Begin typing your search above and press return to search.

চিবিআইৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰিলে ৩০/১০ৰ বোমা বিস্ফোৰণত অভিযুক্ত ৰঞ্জন দৈমাৰীৰ লগতে ১৪ জন অভিযুক্তক

চিবিআইৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰিলে ৩০/১০ৰ বোমা বিস্ফোৰণত অভিযুক্ত ৰঞ্জন দৈমাৰীৰ লগতে ১৪ জন অভিযুক্তক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2019 10:01 AM GMT

৩০ অক্টোবৰ ২০০৮ ৷ সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ তথা সংশয়ৰ সৃষ্টি কৰা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ লগতে অন্যান্য ১৪ জন অভিযুক্তক সক্ৰিয় ৰূপত দোষী সাব্যস্ত কৰে চি বি আইৰ বিশেষ আদালতে ৷ইয়াৰ লগে লগে ধাৰাবাহিক বোমা বিস্ফোৰণত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হেৰুৱাসকলে তথা বিস্ফোৰণত নিহতৰ পৰিয়ালে দোষীয়ে শাস্তি পোৱাৰ আশাৰ ৰেঙনি দেখিছে ৷

ধাৰাবাহিক বোমা বিস্ফোৰণত অভিযুক্ত সকলৰ ভিতৰত জৰ্জ বড়ো,জয়ন্ত ব্ৰহ্ম,অজয় বসুমতাৰী,প্ৰভাত বড়ো,ৰাজু চৰকাৰ,খগেশ্বৰ বসুমতাৰী,ৰাজেন গয়াৰী,বী থৰাই ওৰফে বৈচাগী,ল’ক বসুমতাৰী,মথুৰাম ব্ৰহ্ম,মৃদুল গ’য়াৰী,নিলীম দৈমাৰী,অনাচাই বড়ো,ইন্দ্ৰ বড়ো আদি ১৪ জনক ৩০ জানুৱাৰীত চিবিআইৰ বিশেষ আদালতে শুনানি দিব ৷ ইফালে সুদীৰ্ঘ ১০ বছৰ অতিক্ৰম কৰি যোৱাৰ পিছত অৰ্থাৎ ২০০৮ চনৰ ৩০ অক্টোবৰতে সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ লোৱা সিদ্ধান্তত উৎসুক জনসাধাৰণ ৷ সম্প্ৰতি এন ডি এফ বি (NDFB) অৰ্থাৎ নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰ’ন্ট অ’ফ বৰোলেণ্ডৰ নেতা ৰঞ্জন দৈমাৰী আৰু দৈমাৰীৰ সহযোগীসকলক আই পি চি ধাৰা ১২০(B),১২১,১২২,১২৩ আৰু ৩০২ ৰ অধীনত দোষী সাব্যস্ত কৰিছে ৷

উল্লেখ্যযোগ্য যে,২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত বহু নিৰীহৰ তেজেৰে ৰাঙলী হৈছিল গুৱাহাটী,কোকৰাঝাৰ, বঙাইগাওঁ,বৰপেটাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷এই ধাৰাবাহিক বিস্ফোৰণত বহুজনে প্ৰান হেৰুৱাৰ লগতে হেৰুৱাইছিল নিজৰ পৰিয়াল প্ৰিয় জনক ৷লগতে ঘূনীয়া হৈছিল সমগ্ৰ জীৱনটোৰ কাৰণে ৷ ধাৰাবাহিক বিষ্ফোৰণে প্ৰাণ লৈছিল প্ৰায় ৮৮ জন নিৰ্দোষীলোকৰ ৷আৰু ঘূণীয়া হৈছিল প্ৰায় ৫৮০ জন লোক।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি