Begin typing your search above and press return to search.

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান গাজিয়াবাদৰ হন্সিকা শুক্লাৰ

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান গাজিয়াবাদৰ হন্সিকা শুক্লাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 May 2019 1:47 PM GMT

আজি ঘোষণা কৰা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে গাজিয়াবাদৰ নিবাসী হন্সিকা শুক্লাই । গাজিয়াবাদৰ এখন মহাবিদ্যালয়ৰ শিক্ষকৰ জীয়ৰী হন্সিকা শুক্লা ৷ দিল্লী প্লাবিক স্কুলৰ ছাত্ৰী হন্সিকাই সমগ্ৰ দেশৰ ভিতৰতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত ফলাফলত শীৰ্ষস্থান দখল কৰিছে ৷ এক সাক্ষাৎকাৰত হন্সিকাই কয় যে মোৰ বিশ্বাসেই হোৱা নাছিল যে মই শীৰ্ষস্থান লাভ কৰিছোঁ ৷

হন্সিকাৰ মাতৃয়ে তেওঁক দেশৰ ভিতৰতে শীৰ্ষস্থান পোৱাৰ কাৰণে শুভেচ্ছা দিছিল৷ কাৰণ যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল, তেতিয়া হন্সিকা মাতৃ আছিল মহাবিদ্যালয়ত। লগতে হন্সিকাই কয় যে তেওঁৰ পিতৃয়েও কাৰ্যালয়ৰ পৰা হন্সিকালৈ ফোন কৰিছিল যদিও,পিতৃৰ ফোন উঠোৱা নাছিল হন্সিকাই ৷ ইয়াৰ পিছত মাতৃয়ে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰাৰ খবৰ দিয়ে হন্সিকাক ৷

অন্যহাতে হন্সিকা শুক্লাই ইংৰাজী বিষয়ৰ বাহিৰে সকলো বিষয়তে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। কিন্তু ইংৰাজী বিষয়ত ৯৯ শতাংশ নম্বৰ পোৱাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হন্সিকাই। যি সমূহ বিষয়ত হন্সিকাই ১০০ শতাংশ নম্বৰ লাভ কৰে সেই বিষয়সমূহ হৈছে ইতিহাস,ৰাজনীতি বিজ্ঞান,মনোবিজ্ঞান আৰু হিন্দুস্তানী ভ’কেলছ ৷ লগতে পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত হন্সিকাই কয় যে তেওঁ কোনো ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিল ৷ সকলো বিষয় পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল ৷

সম্প্ৰতি হন্সিকাই মনোবিজ্ঞানক সন্মানীয় বিষয় হিছাপে লৈ অধ্যয়ন কৰিব বিছাৰে ৷ কাৰণ মনোবিজ্ঞানৰ প্ৰতি হন্সিকাৰ আছে এক বিশেষ ধাউতি ৷ ইয়াৰ পিছত তেওঁ ভাৰতীয় বিদেশ সেৱাত জৰিত হ’ব বিছাৰে ৷ নিজৰ প্ৰিয় বিষয়ৰ সন্দৰ্ভত হন্সিকাই ৰাজনীতি বিজ্ঞান প্ৰিয় বুলি কয় ৷ আজৰি সময়ত হন্সিকাই শাস্ত্ৰীয় সংগীত ,বলীউডৰ গান আৰু ইংৰাজী গান শুনে ৷অন্যহাতে নিজৰ এই সফলতাৰ নৈপথ্যত পিতৃ মাতৃৰ প্ৰেৰণাৰ কথা উল্লেখ কৰে হন্সিকা শুক্লাই ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি