Begin typing your search above and press return to search.
চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

অসম আৰক্ষীৰ সহযোগত বন বিভাগে চোৰাং কাঠভৰ্তি এখন ট্ৰাক যোৰহাট জিলাৰ টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে।অৰুনাচল প্ৰদেশৰ বনাঞ্চলৰ পৰা যোৰহাট নগৰৰ বিভিন্ন কাঠৰ দোকানত চোৰাং কাঠ সমূহ সহবৰাহ হয় বুলি জানিব পৰা গৈছে।ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক বন বিভাগে আটক কৰিছে।ট্ৰাক খনৰ পৰা কেইবালাখ মুল্যৰ কাঠ আছিল বুলি জানিব পৰা গৈছে।বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰত্যেক দিনাই এনেদৰে চোৰাং কাঠ সৰবৰাহ হৈ আহিছে।এক বৃহৎ চক্ৰই এই চোৰাং চলাই আছে জানিব পৰা গৈছে।ইমান বৃহৎ মুল্যৰ চোৰাং কাঠ জব্দ কৰাটো বন বিভাগৰ বাবে বৃহৎ সফলতা হিচাপে প্ৰমানিত হৈছে।কাঠ সমূহ যোৰহাট সংমণ্ডলৰ বন বিষয়াৰ চৰকাৰী বাসগৃহত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
Next Story