Begin typing your search above and press return to search.

চৰকাৰী বিদ্যালয়ত ব্যয় কৰা ধনৰ পৰিমাণে চেৰ পেলালে ব্যক্তিগত বিদ্যালয়ক

চৰকাৰী বিদ্যালয়ত ব্যয় কৰা ধনৰ পৰিমাণে চেৰ পেলালে ব্যক্তিগত বিদ্যালয়ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 May 2019 7:29 AM GMT

বিগত সময়ত চৰকাৰী বিদ্যালয় দুৰ্বল শৈক্ষিক প্ৰদৰ্শন কাৰণে সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে, ৰাজ্য চৰকাৰৰ দ্বাৰা সঞ্চালিত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক দিছপুৰে প্ৰায় ৮০,০০০ টকা ব্যয় কৰিছে ৷ চৰকাৰী বিদ্যালয়ত ব্যয় কৰা ধনৰ পৰিমাণ ব্যক্তিগত বিদ্যালয়তকৈ অধিক ৷এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীবক্তা জয়ব্ৰত সিন্হাই মহানগৰৰ মুখ্য বিদ্যালয়সমূহত আৰটিআই আবেদন দাখিল কৰে ৷ এই আবেদনখনৰ জৰিয়তে নিৰ্দিষ্ট বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ তথ্য বিষয়ে জনাবলৈ অনুৰোধ কৰে ৷

অধিবক্তা সিন্হাৰ দ্বাৰা প্ৰাপ্ত তথ্যৰ পৰা জানিব পৰা যায় যে ৰাজ্য চৰকাৰে মহানগৰীৰ সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩.২২ কোটি টকা ব্যয় কৰে ৷ বিদ্যালয়খনৰ ষষ্ঠ আৰু দ্বাদশ শ্ৰেণীলৈকে ৩৮৬ জন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ব্যয় কৰে ৮৩,৫৬৮ টকা ৷ কটন কলেজিয়েট গবৰ্নমেন্ট উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে ৰাজ্যৰ এখন অগ্ৰণী বিদ্যালয় ৷কিন্তু বিদ্যালয়খন বিগত বৰ্ষসমূহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুৰ্বল ফলাফল প্ৰদৰ্শন কৰিছে ৷ বিদ্যালয়খনত সম্প্ৰতি ৫৭২ জন ছাত্ৰ ছাত্ৰী আছে ৷চৰকাৰে বিদ্যালয়খনত প্ৰায় ৩.৮২ কোটি টকা ব্যয় কৰে ৷

গতিকে বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰৰ নামত ৬৬,৮৭৫ কোটি টকা খৰছ কৰে ৷ অন্যহাতে, আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰত্যেক জন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ৬৩,১৮০ টকা,গোপাল বৰো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪২,৪৯৫ টকা, পানবজাৰ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰত্যেক গৰাকী ছাত্ৰীৰ ক্ষেত্ৰত ব্যয় কৰে ৪৪,৩২৩ টকা ৷অধিবক্তা সিন্হাৰ দ্বাৰা দাখিল কৰা আৰটিআই আবেদনখনৰ মাধ্যমেৰে যি তথ্য পোৱা গৈছে সেয়া যথেষ্ট লক্ষ্যনীয় ৷ ইফালে সদৌ অসম ব্যক্তিগত বিদ্যালয়ৰ সভাপতি পংকজ দাসে কয় যে পাঁচখন ব্যক্তিগত বিদ্যালয়ৰ বাহিৰে, মহানগৰীৰ অন্য ব্যক্তিগত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰৰ ক্ষেত্ৰত ব্যয় কৰা ধনৰ পৰিমাণ ৮০,০০০ তকৈ কম ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি