Begin typing your search above and press return to search.

ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি ঢকুৱাখানা বাসীৰ প্ৰতিবাদ

ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি ঢকুৱাখানা বাসীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2018 7:23 AM GMT

যোৱা বুধবাৰে ঢকুৱাখানা কলেজৰ ছাত্ৰই আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি লক্ষীমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা মহকুমাবাসীয়ে যোৱা বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

আত্মহত্যা কৰা ছাত্ৰ জন হৈছে একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ভুমা চুতিয়া গাঁৱৰ বাবুল চেতিয়াৰ পুত্ৰ দুলেন চেতিয়া।জানিব পোৱা মতে,ছাত্ৰ জনে যোৱা বুধবাৰে আমলাপট্টিত থকা ভাড়াঘৰত আত্মহত্যা কৰে আৰু এই আত্মহত্যা আঁৰত কলেজ খনৰ অধ্যক্ষ ড° জগেন্দ সুত আৰু অধ্যাপক খনিন্দ্ৰ দত্ত জড়িত থকা বুলি সন্দেহ কৰে।

কলেজ খনৰ অধ্যক্ষ আৰু অধ্যাপকে অইন ছাত্ৰ-ছাত্ৰী সকলৰ আগত দুলেনক ছোৱালী জোকোৱা বুলি অভিযোগ প্ৰদান কৰি মানসিক ভাৱে হাৰাশাস্তি কৰে বুলি অভিযোগ উত্থাপিত হয় আৰু পিছত ছাত্ৰ জনে এই অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয়।

পৰৱৰ্ত্তী সময়ত আৰক্ষীয়ে দুলেন বহীৰ পৰা এখন চোচাইত নোট উদ্ধাৰ কৰে আৰু সেইখনত কলেজ খনৰ অধ্যক্ষৰ নাম উল্লেখ থাকে।এই বাতৰি বিয়পি পৰাৰ পিছতে বুধবাৰে সন্ধিয়া কলেজ খনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বাসগৃহ ঘেৰাও কৰে যদিও আৰক্ষীয়ে প্ৰতিবাদ কৰাৰ পৰা ঠাইৰ পৰা লোকসকলৰ খেদি পঠিয়াই।পৰৱৰ্ত্তী সময়ত ঢকুৱাখানা আৰক্ষী থানাৰ সন্মুখত অধ্যক্ষ আৰু অধ্যাপক গৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিবাদ কৰে।

Next Story
চাকৰি